ETV Bharat / state

Anti CAA movement : কেনেদৰে বাদ পৰি ৰ’ল কা’ আন্দোলনৰ প্ৰথম শ্বহীদ ৰাজেন বৰুৱাৰ নাম ?

আজি, 11 ডিচেম্বৰ ৷ আজিৰ দিনটোতে কা আন্দোলনত ভাগ ল’বলৈ গৈ প্ৰাণ হেৰুৱাইছিল টীয়কৰ বনাই ৰবি গাঁৱৰ ৰাজেন বৰুৱাই ৷ কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ(Martyr of anti CAA movement Rajen Baruah) হিচাপে তেওঁক ঘোষণা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ জানো আহক, কেনেদৰে শ্বহীদৰ তালিকাৰ পৰা বাদ পৰি ৰ’ল বৰুৱাৰ নাম, কেনে আছে শ্বহীদ গৰাকীৰ পৰিয়াল ৷

first-martyr-of-caa-movement-rajen-baruah-excluded-from-list
Anti CAA movement : কেনেদৰে বাদ পৰি ৰ’ল কা’ আন্দোলনৰ প্ৰথম শ্বহীদ ৰাজেন বৰুৱাৰ নাম ?
author img

By

Published : Dec 11, 2021, 9:05 PM IST

টীয়ক, 11 ডিচেম্বৰ : 2019 চন, সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অংশ লোৱাৰ বাবে ৰাজপথলৈ ওলাই আহিছিল অসমৰ জনতা (Anti CAA movement in Assam) ৷ পিছ পৰি ৰোৱা নাছিল টীয়কৰ বনাই ৰবি গাঁৱৰ ৰাজেন বৰুৱাও ৷ কিন্তু প্ৰতিবাদী সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা অৱস্থাতে 11 ডিচেম্বৰত আন্দোলনৰ স্থলীতে কৰুণ মৃত্যুক সাবতি লৈছিল ৰাজেন বৰুৱাই । লগে লগে যোৰহাট জিলা ছাত্র সন্থাই ঘোষণা কৰিছিল বৰুৱাক কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ (Martyr of anti CAA movement Rajen Baruah) হিচাপে ৷

বৰুৱাৰ ঘৰত উপস্থিত আছুৰ কেন্দ্ৰীয় নেতৃত্ব তথা সেই সময়ৰ আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ো ৷ কিন্তু ৰাজেন বৰুৱাৰ মৃত্যুৰ দিনাই কা আন্দোলনৰ ব্যাপকতাৰ বাবে অসমত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়াত ৰাজেন বৰুৱাৰ মৃত্যুৰ বিষয়ে বহুল প্ৰচাৰ নহয় ৷ ইয়াৰ বাবেই পিছৰ সময়চোৱাত কা’ আন্দোলনৰ শ্বহীদ সকলৰ মাজত প্ৰায়েই গণনা নোহোৱাকৈ ৰৈ যায় ৰাজেন বৰুৱাৰ নাম ৷

Anti CAA movement : কেনেদৰে বাদ পৰি ৰ’ল কা’ আন্দোলনৰ প্ৰথম শ্বহীদ ৰাজেন বৰুৱাৰ নাম ?

ইফালে, ৰাজেন বৰুৱাৰ মৃত্যুৰ পাছত এতিয়া পানীত হাঁহ নচৰা অৱস্থাত আছে বৰুৱাৰ পৰিয়ালটো । ছয় গৰাকী শ্বহীদৰ ভিতৰত ৰাজেন বৰুৱা কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ বুলি ছাত্ৰ সন্থাই দাবী কৰি শ্বহীদ পৰিয়ালটোৰ প্ৰতি চৰকাৰে সাহাৰ্য আগবঢ়োৱাৰ দাবী জনাই আহিছে ।

আজি, 11 ডিচেম্বৰ 2021, শ্বহীদ ৰাজেন বৰুৱাৰ মৃত্যুই আজি দুটা বৰ্ষ পাৰ কৰিলে (Anti CAA movement completes two years) ৷ এই উপলক্ষে শ্বহীদ ৰাজেন বৰুৱাৰ বাসগৃহত শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । এই অনুষ্ঠানত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগে পুনৰ উত্থাপন কৰিলে শ্বহীদ পৰিয়ালটোৰ দুৰৱস্থাৰ কথা ৷ মুখ্যমন্ত্ৰীৰ ওচৰত পৰিয়ালটোৰ বাবে সাহাৰ্য বিচাৰিও আহ্বান জনায় আছু নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.