যোৰহাট, 28 নৱেম্বৰ: ASSAM AGRI BUSINESS AND RURAL TRANSFORMATION PROJECT চমুকৈ APART ৰ অধীনত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্যোগত আজি উদযাপিত হৈছে শস্য চপোৱা আৰু পথাৰ দিৱস ৷ টীয়ক সমষ্টিৰ অন্তৰ্গত কপিলাচুকত উদযাপন কৰা হৈছে শস্য চপোৱা আৰু পথাৰ দিৱসৰ । উক্ত সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা(MP Kamakhya Prasad Tasa) আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন(Jorhat DC Ashok kr Barman) উপস্থিত থাকে ৷
ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আধুনিক যান্ত্ৰিক পদ্ধতিৰে পথাৰত ধান দোৱা আৰু ধান ৰোৱা পদ্ধতি পৰ্যবেক্ষণ কৰি অত্যাধুনিক পদ্ধতি কৃষি পদ্ধতিটোৰ প্ৰতি আকৃষ্ট হয় আৰু সকলোকে এই অত্যাধুনিক পদ্ধতিৰে খেতি কাৰ্য কৰি স্বাৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰিবলৈ অসমীয়া চহা কৃষক সমাজৰ প্ৰতি আহ্বান জনায়(Modern agricultural methods ) ।
ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই সমগ্ৰ পৰিৱেশটো পৰ্যবেক্ষণ কৰাৰ লগতে পথাৰত নিজে নামি মেচিন চলাই ধান দাই কৃষকসকলক উৎসাহিত কৰি তোলা দেখিবলৈ পোৱা যায় । উল্লেখযোগ্য যে, উক্ত পথাৰত অত্যাধুনিক পদ্ধতিৰে খেতি কাৰ্য কৰি শ্ৰম লাঘৱ হোৱাৰ লগতে কম খৰচতে অধিক উৎপাদন হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে, যিয়ে স্বাভাৱিকতে খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৷
অত্যাধুনিক কৃষিপদ্ধতিটোত প্ৰয়োজনীয় যন্ত্ৰ-পাতিবোৰ যথেষ্ট ব্যয়বহুল বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে ৷ ইপিনে অতি কম টকাতে চৰকাৰৰ ৰাজহ সাহাৰ্য লাভ কৰি এনেধৰণৰ যন্ত্ৰ ক্ৰয় কৰি কৃষি কাৰ্য সমাপন কৰিব পাৰিব বুলি অনুষ্ঠানটোত উল্লেখ কৰে উদ্যোক্তা সকলে ৷ খেতি কাৰ্য বৈজ্ঞানিক দৃষ্টিভংগীৰে কৰাৰ সমান্তৰালভাৱে ইয়ে কৃষকসকলক আৰ্থিক ভাৱেও সুচল কৰি তুলিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্ম-কৰ্তাসকলে ।
সভাত অত্যাধুনিক কৃষিপদ্ধতিটোৰে খেতি কৰিবলৈ প্ৰথম অৱস্থাৰ পৰা কিদৰে পথাৰখন প্ৰস্তুত কৰিব লাগে আৰু পৰৱৰ্তী সময়ত কিদৰে কৃষি কাৰ্য আগবঢ়াই লৈ যাব লাগে তাৰ ওপৰত কৃষি বিজ্ঞান কেন্দ্ৰই দৃশ্য শ্ৰব্য মাধ্যমেৰে উপস্থিত ৰাইজক অৱগত কৰে ।
লগতে পঢ়ক: Baba Ramdev Apology : নাৰী সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা ৰামদেৱৰ