ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আবদ্ধ যাত্ৰীবাহী ফেৰী - ferry stuck

Ferry stuck in Brahmaputra: সঘনাই আবদ্ধ হ’বলৈ লৈছে ফেৰী ৷ বৃহস্পতিবাৰেও ব্ৰহ্মপুত্ৰ বুকুত শংকিত হৈ পৰিল প্ৰায় দুই শতাধিক যাত্ৰী ৷

ferry stuck in Brahmaputra
আবদ্ধ যাত্ৰীবাহী ফেৰী
author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 9:05 PM IST

আবদ্ধ যাত্ৰীবাহী ফেৰী

যোৰহাট, 28 ডিচেম্বৰ : বৰ্তমানে প্ৰায়ে দৈনিক শুনিবলৈ পোৱা গৈছে নদীৰ মাজত ফেৰী আবদ্ধ হোৱাৰ খবৰ ৷ অৱশ্যে এই ফেৰী আবদ্ধৰ ঘটনা যোৰহাটৰ পৰা নিমাতী অভিমুখী জলপথত বেছিকৈ শুনিবলৈ পোৱা যায় ৷ জলস্তৰ কমি অহাৰ ফলতে এনে ঘটনা সঘনাই সংঘটিত হয় এই কালছোৱাত ৷ বৃহস্পতিবাৰেও ব্ৰহ্মপুত্ৰ বুকুত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী ফেৰী ৷

প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিল এখন যাত্ৰীবাহী ফেৰী । জানিব পৰা মতে, নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ আজি দিনৰ ভাগত গৈ আছিল MV SAPTAESHWARI নামৰ যাত্ৰীবাহী জাহাজখন । চলন্ত অৱস্থাতে যাত্ৰীবাহী জাহাজখন হঠাতে ব্ৰহ্মপুত্ৰৰ মাজভাগত থকা বালিচৰত আবদ্ধ হৈ পৰে ৷ ফলত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।

বালিচৰত প্ৰায় আধাঘন্টা ধৰি আবদ্ধ হৈ পৰা জাহাজখনে প্ৰায় দুই শতাধিক যাত্ৰীসহ বহু কেইবাখনো সৰু-বৰ বাহন কঢ়িয়াই আনিছিল । বহু চেষ্টাৰ অন্তত চালকে যাত্ৰীবাহী ফেৰীখন বালিচৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় আৰু গন্তব্য স্থানলৈ ৰাওনা হয় ফেৰীখন । তাৎপৰ্যপূৰ্ণ যে, ব্ৰহ্মপুত্ৰৰ মাজভাগত বালিচৰ আৰু ঘণ কুঁৱলীৰ বাবে প্ৰায়ে যাত্রীবাহী ফেৰী আৱদ্ধ হৈ পৰে । সেয়েহে প্ৰশাসনে কুঁৱলীৰ বাবে প্ৰায়েই যাত্ৰীবাহী ফেৰী চলাচলত নিষেধাজ্ঞা প্ৰদান কৰি আহিছিল ।

এনেবোৰ ঘটনাৰ বাবে প্ৰায়ে মাজুলীবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈ আহিছে । অৱশ্যে মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰে নিৰ্মাণ কৰি আছে যোৰহাট মাজুলী সংযোগী দলং । সেই দলঙো কেতিয়ালৈ সম্পূৰ্ণ হ’ব আজিও সাথৰ হৈ আছে । কিন্তু এতিয়া যোৰহাটৰ সৈতে যোগাযোগ কৰিবলৈ মাজুলীবাসীৰ বাবে একমাত্ৰ সাৰথি হ’ল ফেৰী সেৱা ।

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আবদ্ধ ফেৰী, হাহাকাৰ যাত্ৰীসকলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.