ETV Bharat / state

Farmers disappointed at Teok : উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য নোপোৱাত হতাশ কৃষক - টীয়কত কম মূল্যত বিক্ৰী কৃষকৰ উৎপাদিত সামগ্ৰী

জৈৱিক সাৰ প্ৰয়োগৰে কৃষিকৰ্ম কৰি উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ নকৰাত হতাশাত ভূগিছে টীয়কৰ একাংশ কৃষকে (Farmers disappointed at Teok) ৷

কৃষি সামগ্ৰীৰ উপযুক্ত মূল্য নোপোৱাত হতাশ কৃষক

author img

By

Published : Dec 18, 2021, 1:12 PM IST

টীয়ক, 18 ডিচেম্বৰ : বজাৰত শাক-পাচলিৰ আকাশলংঘী মূল্য (Vegetable Price hike in Assam) ই সাধাৰণ জনতাক কোঙা কৰাৰ সময়তে টীয়কৰ একাংশ কৃষকে এতিয়া কষ্টোপাৰ্জিত কৃষি সামগ্ৰীৰ উপযুক্ত মূল্য নোপোৱাত হতাশাত (Farmers disappointed at Teok) ভূগিবলগীয়া হৈছে ৷ কোনোফালে যেন নিস্তাৰ নোহোৱা হৈছে সাধাৰণ কৃষকৰ ৷

বিজ্ঞানসন্মতভাৱে কৃষিকৰ্ম কৰি সফলতা অৰ্জন কৰা যুৱ কৃষকে শাক-পাচলি, ফল-মূল আদিৰ উচিত মূল্য নোপোৱাত বিপাঙত পৰিছে । যি সময়ত এচাম উদ্যোগী যুৱকে "পথাৰ আমাৰ, বজাৰ আমাৰ" লক্ষ্যৰে কৃষিকৰ্মত মনোনিৱেশ কৰিছে, তেনে সময়তে একাংশ লোকৰ কেতবোৰ মন্তব্য তথা সচেতনতাৰ অভাৱে কৃষকৰ মনত বিৰূপ প্ৰভাৱ পেলাইছে ।

কৃষি সামগ্ৰীৰ উপযুক্ত মূল্য নোপোৱাত হতাশ কৃষক

স্থানীয়ভাৱে ব্যৱসায়িক ভিত্তিত বৃহৎ পৰিমাণৰ ভূমিত জৈৱিক সাৰ প্ৰয়োগৰে কৃষিকৰ্ম কৰি উৎপাদিত সামগ্ৰী বজাৰলৈ বিক্ৰীৰ বাবে নিয়াৰ সময়ত একাংশ কৃষকে গ্ৰাহকৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'বলগা হয় । বাহিৰৰ বজাৰৰ সামগ্ৰী বুলি প্ৰথমে প্ৰশ্নৰ অৱতাৰণাৰে বিভিন্ন প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰাৰ পাছত যেতিয়া থলুৱাভাৱে উৎপাদিত সামগ্ৰী বুলি নিশ্চিত হয়, তেতিয়া বহু গ্ৰাহকে দিব নিবিচাৰে সামগ্ৰীসমূহৰ উচিত মূল্য (agricultural ingredients sold at low price) । যাৰ ফলত বহু কৃষকে উচিত প্ৰাপ্য লাভৰ পৰা বঞ্চিত হৈছে ৷

ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ব্যৱহাৰ নকৰাকৈ বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিকৰ্ম কৰা টীয়কৰ আদৰ্শ খেতিয়ক নৱনিধি গগৈকে ধৰি একাংশ খেতিয়কে এতিয়া গ্ৰাহকৰ এনে আচৰণৰ সন্মূখীন হ'বলগা হৈছে । যি সময়ত ৰাজ্য চৰকাৰে গৰুখুঁটিত কৃষি বিপ্লৱৰ সূচনা কৰিছে, তেনে সময়তে একাংশ কৃষকৰ উৎপাদিত সামগ্ৰী পানীৰ দৰত বিক্ৰী হৈছে ৷

লগতে পঢ়ক : Vegetables sold at low price : পানীৰ দৰত ৰূপহীহাটত বিক্ৰী হৈছে শাক-পাচলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.