মাজুলী,27 মে’: বুধবাৰে মাজুলী মিছামৰাত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নদীদ্বীপ মাজুলীৰ গৰাখহনীয়া গ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে মাজুলী সৈতে চাৰিটা খহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক গৰাকীয়ে মিছামৰা, চামগুৰি আৰু ভকত চাপৰিৰ খহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে সেই অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ কামৰ অগ্ৰগতিৰ বুজ লয় । সোণোৱালে শালমৰাৰ লগতে বনৰীয়া চাপৰিস্থিত APDCL ৰ সৌৰ শক্তি প্ৰকল্পও পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: মহামাৰীৰ সময়তে স্বাৱলম্বিতাৰ পথ দেখুৱালে মৰিগাঁৱৰ এজন যুৱকে