যোৰহাট,27 নৱেম্বৰঃ পুনৰ খহনীয়াৰ কৱলত পৰিছে নিমাটি। যোৰহাটৰ নিমাটিৰ অফলামুখ ঘাটত বুধবাৰে পূৱাৰ ভাগত হঠাতে ফেৰী চলাচল কৰা ৰেম্পটো খহি পৰে। প্ৰায় ২০ অংশ খহনীয়াৰ কৱলত পৰাত উজনি মাজুলীলৈ যোৱা সকলো বোৰ ফেৰী সমস্যাৰ সন্মুখীন হয়। জলসম্পদ উজনি অসম অনুসন্ধান সংমণ্ডলৰ অধীনস্থ অফলামুখত ইতিমধ্যেই জলসম্পদ বিভাগৰ পৰা তাৎক্ষণিকভাৱে খহনীয়া অংশ মেৰামতি কৰাৰ ব্যৱস্থা কৰিছে যদিও সেইয়া সম্পূৰ্ণ নহয়। যাৰফলত অফলামুখ ঘাটটোত ইতিমধ্যে অস্থায়ীভাৱে নিৰ্মাণ কৰা অস্থায়ী ৰেম্পৰ ব্যৱস্থা কৰিছে বিভাগে। খহনীয়াৰ কৱলত পৰা ঘাটটো স্থায়ীভাৱে নিৰ্মাণ নোহোৱালৈকে এতিয়া সমস্যাৰ সন্মুখীন হ'ব উজনি মাজুলীৰ যাত্ৰীসকল।
পূৰ্বতে নিমাটিৰ অফলামুখ ঘাটত খহনীয়াৰ সৃষ্টি হৈছিল যদিও জিঅ' বেগৰ দ্বাৰা খহনীয়াৰ ৰোধৰ চেষ্টা কৰি প্ৰায় সফল হৈছিল ৷ কিন্তু পুনৰ খহনীয়াৰ কৱলত পৰা অফলামুখ ঘাটৰ স্থান নিশ্চিতভাৱে আন স্থানলৈ স্থানান্তৰিত নকৰিলে অদূৰ ভৱিষ্যতে ভয়ংকৰ ঘটনা সংঘটিত হোৱা নুই কৰিব নোৱাৰি ।
আৰু পঢ়কঃ নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত গ্ৰাহকৰ ৰূপত বনৰীয়া হাতী