যোৰহাট ,১৪ মাৰ্চ: উত্তৰ পূৱ ভাৰতৰ কৃষি , কৃষক আৰু কৃষি উদ্যোগীৰ সমন্বয়েৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত আঞ্চলিক কৃষি মেলাৰ আজি সামৰণি পৰে । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মেলাৰ আজি অন্তিম দিনা উত্তৰ পূৱ ভাৰতৰ কৃষক আৰু কৃষি বিজ্ঞানীৰ অংশগ্ৰহণেৰে কৃষি আৰু কৃষি উদ্যোগীৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰয়াসেৰে এক আলোচনা চক্ৰৰ অনুষ্ঠিত হয় (ending program of AAU krishi mela) ।
সম্প্ৰসাৰণ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰশান্ত মিশ্ৰৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলে কৃষকৰ সৈতে মুখামুখি বাৰ্তালাপ কৰি কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানকল্পে পৰামৰ্শ আগবঢ়ায় । এই অনুষ্ঠানৰ পাছতে অনুষ্ঠিত মেলাৰ সামৰণি অনুষ্ঠানত ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সঞ্চালক সুধীৰ কুমাৰে অংশগ্ৰহণ কৰে ।
ভাষণ প্ৰসংগত তেখেতে কয় যে ভাৰত চৰকাৰে প্ৰাকৃতিক কৃষি তথা কৃষি উদ্যোগীৰ সষ্টিৰ জৰিয়তে দেশৰ কৃষি ক্ষেত্ৰৰ উন্নতি সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ সৎপ্ৰয়োগৰ জৰিয়তে কৃষি আৰু আনুসংগিক দিশৰ লগত জড়িত সকলো উপকৃত হব পাৰিব ।
আঞ্চলিক মেলাৰ (Anchalik krishimela of AAU ) জৰিয়তে কৃষকৰ উপৰিও উদ্যমী উদ্যোগীকো প্ৰেৰণা দি সকলোকে অধিক উজ্জীৱিত কৰিব । সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে দেশৰ ভৱিষ্যত কৃষিয়ে নিৰ্ধাৰণ কৰি পাৰে । সেয়ে কৃষি উদ্যোগীৰ জৰিয়তে সামগ্ৰিকভাবে কৃষিক আগবঢ়াই নিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
আঞ্চলিক কৃষি মেলাৰ জৰিয়তে কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ লগত জড়িত সকলে নতুন পৰিবেশৰ নতুন ধাৰণা লাভ কৰাৰ লগতে মনলৈ অহা ধাৰণাসমুহ কেনেকৈ ৰূপায়ন কৰিব সেই দিশত অভিজ্ঞতা অৰ্জন কৰিব পাৰে । উৎপাদন আৰু বিক্ৰীৰ দিশত গুৰুত্বপূৰ্ণ লাভালাভো অৰ্জন কৰিব পাৰে সকলোৱে ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে আত ধৰা অনুষ্ঠানটোত খানাপাৰাৰ গৱেষণা সঞ্চালক( পশু চিকিৎসা) ড° নিৰঞ্জন কলিতা , কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা , স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড° অজিত বৈশ্য , ছাত্ৰ কল্যাণ সঞ্চালক ড° অজিত বৈশ্য , ড° জ্যেষ্ঠ সম্প্ৰসাৰণ বিশেষজ্ঞ ড° মনোৰঞ্জন নেওগেও বক্তব্য আগবঢ়ায় ।
মেলাত অংশগ্ৰহণ কৰা বিপনীৰ ভিতৰত কলিয়াবৰৰ তাঞ্জিল নাৰ্চাৰী , শিৱসাগৰ নাজিৰাৰ লিনাজ হ'ম মেড পিকলছ আৰু ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ক পুৰস্কাৰ প্ৰদান কৰা হয় । উল্লেখ্য যে তিনিদিনীয়া এই মেলাৰ লগত সংগতি ৰাখি উত্তৰ পূৱৰ কৃষি আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰৰ উন্নয়নকল্পে কৃষক , কৃষি উদ্যোগী আৰু উদ্ভাৱকক লৈ কেবালানিও বিশেষ আলোচনা অনুষ্ঠিত হোৱাৰ উপৰিও দুটা নিশা উত্তৰ পূৱ ভাৰতৰ বিভিন্ন সংস্কৃতি প্ৰদৰ্শনেৰে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।
লগতে পঢ়ক: Assam budget for 2022-23: বিজেপিৰ শাসনত বাজেটৰ ধনতকৈ খৰছৰ পৰিমান কম