ETV Bharat / state

CAA বিৰোধী আন্দোলনৰ প্ৰভাৱত উকা ৰাজ্যৰ বনভোজস্থলী

author img

By

Published : Dec 27, 2019, 8:45 PM IST

বছৰটিক আদৰিবলৈ ৰাজ্যবাসীৰ মাজত নাই কোনো উৎসাহ-উদ্দীপনা ৷ যোৰহাটতো পৰিলক্ষিত নহ’ল নতুনক আদৰাৰ প্ৰস্তুতি ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যত গা কৰি উঠা আন্দোলনৰ প্ৰভাৱতে সৃষ্টি হৈছে এই পৰিৱেশৰ ৷

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱ
উকা ৰাজ্যৰ বনভোজস্থলী

যোৰহাট,27 ডিচেম্বৰঃ পুৰণি বছৰক বিদায় দিবলৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ কিন্তু ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত বছৰটিক আদৰিবলৈ ৰাজ্যবাসীৰ মাজত নাই কোনো উৎসাহ-উদ্দীপনা ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিয়ে বাকৰুদ্ধ কৰি গৈছে ৰাজ্যবাসীক ৷ সমান্তৰালকৈ যোৰহাটতো পৰিলক্ষিত নহ’ল নতুনক আদৰাৰ প্ৰস্তুতি ৷

শীতৰ সময়ছোৱাত আয়োজন চলা দেখা যায় বনভোজৰ ৷ কিন্তু নিজম হৈ থকা দেখা গৈছে যোৰহাটৰ বনভোজস্থলীসমূহ । নিমাটিঘাটতো একেই পৰিৱেশ দেখা গৈছে ৷ সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱ পৰাৰ বাবে এই পৰিৱেশৰ সৃষ্টি হয় ৷ যোৰহাটৰ নিমাটিঘাট,ককিলামুখ,বাঘমৰা চাপৰিৰ লগতে টিয়কৰ জাঁজীমুখত সম্প্ৰতি নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে । সেয়ে ইয়াৰ লগত জড়িত স্থানীয় ব্যৱসায়ীসকলেও ব্যৱসায় মন্দা বুলি স্বীকাৰ কৰিছে ৷

শূন্য যোৰহাটৰ বনভোজস্থলীসমূহ

সাধাৰণতে অসমীয়া জাতি উৎসৱ প্ৰিয় ৷ কিন্তু বৰ্তমান সময়ত দায়বদ্ধতাৰ নিৰ্দশন দাঙি ধৰিছে ৰাজ্যবাসীয়ে । ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি প্ৰতিবাদ অব্যাহত আছে । কোনো কাৰণতে এই আইনক গ্ৰহণ নকৰাৰ কথা স্পষ্ট কৰিছে সকলোস্তৰৰ লোকে ৷

লগতে চাওকঃচোৰৰ মতিভ্ৰম:বাটত পেলাই থৈ গ'ল লুটি নিয়া ধন

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱ।।নতুন বছৰক আদৰিবলৈ নাই প্ৰস্তুতি।।

নিজম পৰি আছে যোৰহাটৰ বনভোজস্হলী।।নিমাও-মাও নিমাটিঘাট।।

মাজত মাথোঁ দুটা মান দিন।মেলানি মাগিব ২০১৯ বৰ্ষ।আহিব ২০২০।কিন্তু নৱবৰ্ষৰ প্ৰাকক্ষণত নাই নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি।সততে অসমীয়া জাতি উৎসৱপ্ৰিয় বুলি থকা প্ৰৱনতা বিশ্লেষণ কৰা প্ৰয়োজন হয়তো আছে।তাৰ বিপৰীতে অসমীয়া জাতিয়ে জাতিৰ সংকটৰ সময়ত কিন্তু দায়বদ্ধতাৰ নিৰ্দেশন দাঙি ধৰিছে।নাগৰিকত্ব সংশোধনী আইন ২০১৯ ক কেন্দ্ৰ কৰি ৰাজ্যজোৰি এতিয়া কেৱল প্ৰতিবাদ ওপৰত প্ৰতিবাদ।কোনো কাৰণত নাগৰিকত্ব সংশোধনী আইন নমানা অসমীয়া জাতিয়ে এইবাৰ জাতি সংকটৰ সময়ত সকলো বাদ দিছে।আনকি নৱবৰ্ষৰ প্ৰাকক্ষণত নাই কোনো বনভোজৰ আয়োজন।বিগত বৰ্ষত ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে যোৰহাটৰ বিভিন্ন বনভোজস্হলী হৈ পৰিছিল অন্যান্য।বনভোজ প্ৰীতিত আপ্লুত অসমীয়া ই পাহৰি পেলায় নিজৰ ঠিকনা, কৰ্মসংস্কৃতিকো।কিন্তু এইবাৰ সম্পূৰ্ণ ব্যক্তিক্ৰম।উকাহৈ পৰি আছে বনভোজস্হলী।যোৰহাটৰ নিমাটিঘাট, ককিলামুখ,বাঘমৰা চাপৰি,টিয়কৰ জাজীমুখত এতিয়া নিমাও-মাও পৰিৱেশ।আটাইতকৈ বেছি বনভোজৰ দলৰ আগমন ঘটা নিমাটিঘাটৰ সম্পূৰ্ণভাৱে উকা।আনকি এইবাৰ ব্যৱসায় ও বেয়া বুলিলে স্থানীয় ব্যৱসায়ীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.