যোৰহাট,13 মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ১০১ নং মৰিয়নী বিধানসভা সমষ্টিত উপস্থিত হয় কেন্দ্ৰীয় বস্ত্ৰশিল্প দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণী । কংগ্ৰেছৰ দখলত থকা মৰিয়নী সমষ্টিত বিজেপিৰ প্ৰক্ষেপ্ৰিত প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ প্ৰচাৰ চলাবলৈ আহে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী । পূৰ্বৰ সময়সূচীতকৈ কিছু পলমকৈ উপস্থিত হৈ জনতাৰ আগত বিজেপি প্ৰাৰ্থী গৰাকীৰ হকে ভোট ভিক্ষা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।
মৰিয়নীৰ ন-কছাৰীৰ মাইবেলীয়া খেল পথাৰত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশৰ দৰিদ্ৰ জনতাৰ একমাত্ৰ সাৰথি বিজেপি চৰকাৰ বুলি প্ৰকাশ কৰে । আনহাতে, বিজেপি চৰকাৰৰ দিনতহে মহিলাসকলৰ সন্মান বৃদ্ধি পাইছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে বিজেপি নেত্ৰী গৰাকীয়ে । ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী ইৰাণীয়ে । কংগ্ৰেছে জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে বুলি কোৱাৰ লগতে নাম নোকোৱাকৈ উল্লেখ কৰে যে, কংগ্ৰেছৰ যিজন জ্যেষ্ঠ নেতাই জীৱিত কালত অসমীয়া জাতিৰ বিৰোধীজনৰ হাতত হাত মিলোৱা নাছিল, যেতিয়া তেওঁ পৰলোকগামী হ’ল, তাৰ পাছতেই কংগ্ৰেছে সেইজন লোকৰ লগত হাত মিলোৱাই নহয় মিত্ৰতাও কৰিবলৈ শংকা বোধ নকৰিলে । এয়া কংগ্ৰেছৰ প্ৰকৃত নীতি বুলি তীব্ৰ সমালোচনা কৰে বিজেপি নেত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মৰিয়নীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পুনৰ শিৱসাগৰলৈ উৰা মাৰে । শিৱসাগৰত বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বস্ত্ৰ শিল্প দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৷
লগতে পঢ়ক: শিৱসাগৰত উপস্থিত বিজেপি নেত্ৰী স্মৃতি ইৰাণী