যোৰহাট,27 জানুৱাৰীঃ লোক সংস্কৃতিৰ সাধক ড৹ কৃষ্ণকান্ত সন্দিকৈলৈ ‘বকুল বন বঁটা’ ৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ সোঁৱৰণত প্ৰতি বছৰেই বকুল বন ন্যাসৰ উদ্যোগত লোক সংস্কৃতিৰ সাধক তথা লোক দৰ্শন , গীত বাদ্যৰ লগত জড়িত বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় ৷ সোমবাৰে যোৰহাটৰ অসম সাহিত্য সভাৰ ৰাধাকান্ত সন্দিকৈ ভৱনত ড৹ কৃষ্ণকান্ত সন্দিকৈ দেৱক এই বঁটা প্ৰদান কৰা হয় ৷ ড৹ কৃষ্ণকান্ত সন্দিকৈয়ে লোক সংস্কৃতিৰ গৱেষণা কৰাৰ উপৰিও 200ৰো অধিক দিহানামৰ ৰচনা কৰিছে ৷
উল্লেখ্য যে, সোমবাৰৰ উক্ত অনুষ্ঠানত ড৹ সন্দিকৈক এই বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড৹ অমল ৰাজখোৱা, ন্যাসৰ সভাপতি সমীৰণ বৰদলৈ, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড৹ ৰাতুল চন্দ্ৰ বৰা, প্ৰথম বকুল বন বঁটা প্ৰাপ্ত বদন মলীয়া তথা বিশিষ্ট ব্যক্তি সকলে ৷ বঁটাত আছে এটি স্মাৰক,প্ৰশস্তি পত্ৰ,চেলেং ,গামোচা আৰু নগদ ধন ৷