ETV Bharat / state

DR Jayanta Biswa Sarma: যোৰহাটত বিজেপিৰ কাৰ্যালয়ত গ্ৰন্থাগাৰ মুকলি চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ - গ্ৰন্থাগাৰ মুকলি

যোৰহাট জিলা বিজেপি কাৰ্যালয়ত আজি এক গ্ৰন্থাগাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট চিকিৎসক তথা মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভ্ৰাতৃ ডাঃ জয়ন্ত বিশ্ব শৰ্মাই ৷ এনে মহান কাম অসমত বোধহয় প্ৰথম বুলি মন্তব্য কৰি সকলো ৰাজনৈতিক দলকে জ্ঞান আহৰণ বাবে একোটাকৈ গ্ৰন্থাগাৰ মুকলি কৰিবলৈ আহ্বান জনায় তেওঁ (DR Jayanta Biswa Sarma at Jorhat) ৷

DR Jayanta Biswa Sarma at Jorhat
যোৰহাটলৈ আহি শৈশৱৰ স্মৃতি ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰীৰ জেষ্ঠ্য ভ্ৰাতৃ তথা বিশিষ্ট চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাই
author img

By

Published : May 13, 2023, 8:32 PM IST

গ্ৰন্থাগাৰ মুকলি চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ

যোৰহাট, 13 মে’: যোৰহাটলৈ আহি শৈশৱৰ স্মৃতি ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভ্ৰাতৃ তথা বিশিষ্ট চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাই ৷ যোৰহাট জিলা বিজেপি কাৰ্যালয়ত আজি এক গ্ৰন্থাগাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট চিকিৎসকগৰাকীয়ে (Inaugurate a Library in Jorhat BJP office) ৷

যোৰহাটত উপস্থিত হৈয়ে প্ৰথম কাৰ্যসূচী হিচাবে তেওঁ অধ্যয়ন কৰা ঐতিহ্যমণ্ডিত বাল্য ভৱনত উপস্থিত হৈ শিক্ষা প্ৰতিষ্ঠানখন পৰিদৰ্শন কৰি নিজৰ স্কুলীয়া জীৱনৰ স্মৃতি ৰোমন্থন কৰে ৷ ইয়াৰ পাচতে বিশিষ্ট চিকিৎসক জয়ন্ত বিশ্ব শৰ্মাই যোৰহাটত ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা মুখ্য কাৰ্যালয়ত স্থাপন কৰা এটি গ্ৰন্থাগাৰ মুকলি কৰে ৷ বিজেপিৰ দলীয় কাৰ্যকতাসকলে বৌদ্ধিক চিন্তা আৰু উত্তৰণ লক্ষ্য হাতত লৈ কৰা গ্ৰন্থগাৰ মুকলি কাৰ্যক প্ৰশংসা কৰে চিকিৎসক গৰাকীয়ে ৷

তেওঁৰ দৰে অৰাজনৈতিক এজন ব্যক্তিয়ে ৰাজনৈতিক দলৰ এটা কাৰ্যালয়ত ভুমুকি মৰাটোৱে ডাঙৰ কথা আৰু কামটো ব্যতিক্ৰমী হোৱা বাবেহে তেওঁ এই কাৰ্যালয়লৈ আহিছে বুলি মন্তব্য কৰে চিকিৎসকগৰাকীয়ে ৷ এনে মহান কাম অসমত বোধহয় প্ৰথম বুলি মন্তব্য কৰি সকলো ৰাজনৈতিক দলকে জ্ঞান আহৰণ বাবে একোটাকৈ গ্ৰন্থাগাৰ মুকলি কৰিবলৈ আহ্বান জনায় তেওঁ ৷

তেওঁ কয় যে যোৰহাট মোৰ শৈশৱৰ চহৰ আৰু বৰ্তমান জিলাখনৰ ৰেহ-ৰূপ বহু সলনি হ'ল ৷ বাল্যভৱনতেই মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলো ৷ লগতে তেওঁ সকলোকে পথৰ কাষত একোটাকৈ গছ পুলি ৰোপন কৰাৰো আহ্বান জনায় ৷ আনহাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুটা বছৰ সম্পূৰ্ণ কৰাৰ সময়ত চৰকাৰ কাম কাজক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত বিশিষ্ট চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাই কয় যে, যদি অসমবাসী ৰাইজ যদি চৰকাৰৰ কাম কাজত সন্তুষ্ট হয় তেতিয়া হ'লে ময়ো সন্তুষ্ট হ’ম আৰু যদি অসমবাসী ৰাইজ অসন্তুষ্ট তেতিয়া হলে ময়ো অসন্তুষ্ট হ'ম বুলি তাপয্যপূৰ্ণ মন্তব্য প্ৰদান কৰে চিকিৎসকগৰাকীয়ে ৷ আজিৰ এই অনুষ্ঠানতৰ লগত সংগতি ৰাখি গ্ৰন্থগাৰ,সম্পাদনা আৰু প্ৰকাশনৰ লগত জড়িত কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে যোৰহাট জিলা বিজেপিয়ে ৷

লগতে পঢ়ক: Fat Bihu Celebration: চাৰিকড়ীয়া নদীৰ পাৰত ফাট বিহু উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.