ETV Bharat / state

ককাকৰ প্ৰতি অসমবাসীৰ মৰম দেখি অভিভূত তেজ আকাশ হাজৰিকা - অসমলৈ আহি বহু আনন্দ লাভ কৰিছো

তেজ হাজৰিকাৰ মন্তব্য: মৰোণোত্তৰভাৱে হ'লেও সুধাকণ্ঠই ভাৰতৰত্ন ৰ দৰে সন্মান পোৱাটো দেশ তথা ৰাজ্যবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ মানুহ তথা সমাজৰ প্ৰতিও দায়বদ্ধতা আছে সুধাকণ্ঠৰ ৷ তেওঁ মানুহৰ মূল্য বুজি পাইছিল ৷

ক্ৰিচেণ্ট একাডেমীত তেজ হাজৰিকা
author img

By

Published : Nov 9, 2019, 6:46 PM IST

যোৰহাট, 9 নৱেম্বৰ: 'সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আছিল গণশিল্পী ৷ তেওঁ গাইছিল মানুহৰ গান ৷ তেখেতৰ গীতত আছিল সৃষ্টিশীলতা ৷ তেখেতৰ গীতত আছিল গ্ৰহণযোগ্যতা ৷' এই মন্তব্য, সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাৰ ৷

আজি যোৰহাটৰ ক্ৰিচেণ্ট একাডেমীত অনুষ্ঠিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই "সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কবিতা আৰু ইয়াৰ সত্যাসত্য" শীৰ্ষক বক্তৃতাত মন্তব্য প্ৰদান কৰাৰ লগতে কয় যে, মানুহ তথা সমাজৰ প্ৰতিও দায়বদ্ধতা আছে সুধাকণ্ঠৰ ৷ তেওঁ মানুহৰ মূল্য বুজি পাইছিল ৷ তেওঁৰ এই প্ৰমূল্যবোধৰ বাবেই ভাৰত চৰকাৰে 'ভাৰতৰত্ন' উপাধি প্ৰদান কৰিছে ৷ যি উপাধি দেশ বা ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয় ৷ ইয়াৰ উপৰিও যোৰহাট জিলাতেই ডঃ ভূপেন হাজৰিকাক সুধাকণ্ঠৰ দৰে উপাধি প্ৰদান কৰা হৈছিল ৷ 'সুধাকণ্ঠ' হৈছে এগৰাকী ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ উপহাৰ ৷ যি উপাধি ডঃ ভূপেন হাজৰিকাক প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বিভূচৰণ বৰুৱা আৰু দিননাথ চৌধুৰীয়ে ৷ ডঃ হাজৰিকা আছিল 'এ মেন ৱিথ এ ভিজন ৷' মানুহে তেখেতৰ গীত বা কবিতাৰ সাৰমৰ্ম অনুধাৱন কৰিব পাৰিছিল ৷

tez hazarika
ক্ৰিচেণ্ট একাডেমীত তেজ হাজৰিকা

অনুষ্ঠানত উপস্থিত থাকে তেজ হাজৰিকাৰ পুত্ৰ তেজ আকাশ হাজৰিকাও ৷ সুধাকণ্ঠৰ নাতিৰ মন্তব্য: 'মোৰ ককাৰ প্ৰতি অসমবাসী ৰাইজৰ মৰম শ্ৰদ্ধা দেখি আপ্লুত হৈ পৰিছো । অসমলৈ আহি বহু আনন্দ লাভ কৰিছো ৷ অসমবাসীৰ মৰম দেখি আপ্লুত হৈ পৰিছো ৷ মোৰ নাম সুধাকণ্ঠ ৰ লগত সংযোগ হোৱাত মই যথেষ্ট আবেগিক আৰু সুখী ৷'

ক্ৰিচেণ্ট একাডেমীত তেজ হাজৰিকা

আজিৰ অনুষ্ঠান ত উপস্থিত থাকি তেজ আকাশ হাজৰিকাই উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয়, 'ভ্ৰমণে মানুহৰ মানসিক শক্তি বৃদ্ধি কৰে | ই বহু কথা জনাত সহায় কৰে, সেইবাবে সকলোৱে ভ্ৰমণ বিলাসী হোৱা উচিত | অসমলৈ আহি মই অসমৰ সৌন্দৰ্য নিজ চকুৰে উপলব্ধি কৰিছো |'

অনুষ্ঠানত সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাক যোৰহাটৰ প্ৰায় ২০টাৰো অধিক অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Intro:মৃত্যুৰ পাছতো সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই ভাৰতৰত্ন ৰ দৰে সন্মান পোৱাটো দেশ তথা ৰাজ্য বাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ--- তেজ হাজৰিকা
Body:
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আছিল প্ৰকৃততে এক মানুহৰ শিল্পী। তেওঁ গাইছিল মানুহৰ গান। সুধাকণ্ঠ গৰাকীয়ে জীৱন ধৰি সকলোকে ভ্ৰমণৰ বাবে উৎসাহিত কৰিছিল। তেখেতৰ গীতত আছিল সৃষ্টিশীলতা। তেখেতৰ গীতত পোৱা যায় গ্রহণযোগ্যতা। এই মন্তব্য সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা ৰ পুত্র তেজ হাজৰিকাৰ। আজি যোৰহাট ৰ ক্ৰিচেণ্ট একাডেমিত অনুষ্ঠিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা গ্ৰহণ কৰি সুধাকণ্ঠ পুত্ৰ তেজ হাজৰিকাই "সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কবিতা আৰু ইয়াৰ সত্যাসত্য" শীৰ্ষক বক্তৃতাত মন্তব্য প্ৰদান কৰি তেজ হাজৰিকাই লগতে ধাৰণা কৰিছিল যে, এখন দেশৰ লোকৰ তেওঁৰ সমাজৰ প্ৰতিও দায়বদ্ধতা আছে। তেওঁ মানুহৰ মূল্য বুজি পাইছিল। তেওঁৰ এই প্রমুল্যবোধৰ বাবে ভাৰত চৰকাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক যি 'ভাৰতৰত্ন' উপাধি প্ৰদান কৰিছে ই দেশ বা ৰাজ্য বাসীৰ বাবে গৌৰৱ ৰ বিশয়। এই মহান সন্মানৰ লৈ আমি গৌৰৱান্নিত। ইয়াৰ উপৰিও যোৰহাট জিলাতে ডঃ ভূপেন হাজৰিকাক সুধাকণ্ঠ ৰ দৰে উপাধি প্ৰদান কৰা হৈছিল। সুধাকণ্ঠ হৈছে এগৰাকী ব্যক্তিৰ বাবে বহু গুৰুত্বপূৰ্ণ উপহাৰ। যি উপাধি ডঃ ভূপেন হাজৰিকাক প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বিভূছৰণ বৰুৱা আৰু দিননাথ চৌধুৰীয়ে। ডঃ ভূপেন হাজৰিকা আছিল ' এ মেন ৱিথ এ ভিচন'। মানুহে গম পাইছিলোঁ তেখেতে গীতৰ বা কবিতাৰ ভাষাৰ জৰিয়তে কি কব বিচাৰিছে। অনুষ্ঠান ত উপস্থিত থাকি তেজ হাজৰিকাৰ পুত্ৰ তেজ আকাশ হাজৰিকাই কয় মোৰ ককাৰ প্ৰতি অসম বাসী ৰাইজৰ মৰম শ্ৰদ্ধা দেখি আপ্লুত হৈ পৰিছে। অসমলৈ আহি বহু আনন্দ লাভ কৰিছো। অসমবাসীৰ মৰম দেখি আপ্লুত হৈ পৰিছো। মোৰ নাম সুধাকণ্ঠ ৰ লগত সংযোগ হোৱাত মই যথেষ্ট আবেগিক আৰু সুখী ,। Conclusion:আজি অনুষ্ঠান ত উপস্থিত থাকি তেজ আকাশ হাজৰিকা ই উপস্থিত থকা ছাত্ৰ ছাত্ৰী সকলে উদ্দেশ্য কৰি কয় যে, ভ্ৰমণে মানুহৰ মানসিক শক্তি বৃদ্ধি কৰে। ই বহু কথাত জনাত সহায় কৰে, সেইবাবে সকলোৱে ভ্ৰমণ বিলাসী হোৱা উচিত। অসমলৈ আহি মই অসমৰ সৌন্দৰ্য নিজ চকুৰে উপলব্ধি কৰিছোঁ। আজিৰ অনুষ্ঠান ত সুধাকণ্ঠ গৰাকীৰ পুত্ৰ তেজ হাজৰিকাক যোৰহাটৰ প্ৰায় ২০ তাৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.