টীয়ক, 24 ছেপ্টেম্বৰঃ ৰাজ্য কঁপোৱা চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ 22 দিনৰ পাচত আৰক্ষীয়ে সোমবাৰে 602 পৃষ্ঠাৰ জোৰা ছাৰ্জশ্বিট দাখিল কৰে৷ অসম আৰক্ষীৰ এই ক্ষীপ্ৰ তদন্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে চিকিৎসক দেবেন দত্তৰ পত্নী অপৰাজিতা দত্তই ৷ অৱশ্যে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত কেতবোৰ ক্ৰুটিৰ বাবে অপৰাধী সাৰি যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে দেবেন দত্তৰ পৰিয়ালে ৷ লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা স্বত্বেও আজি পৰ্যন্ত ফাষ্টট্ৰেক আদালতত গোচৰ চলাবৰ বাবে কোনো চৰকাৰী নিৰ্দেশনা যোৰহাট আদালতে লাভ কৰা নাই বুলিও আক্ষেপ কৰিছে প্ৰয়াত চিকিৎসকগৰাকীৰ পত্নীয়ে ৷
তদুপৰি আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকা 32 জন অভিযুক্তৰ নাম আদালতত দাখিল কৰিছে যদিও এই তালিকাত বিজেপিৰ পঞ্চায়ত সদস্য মুকুল ৰাজোৱাৰ নাম নথকাৰ অভিযোগ উত্থাপন হৈছে ৷ সেয়ে আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰক বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই ।