ETV Bharat / state

Deori Autonomous Council election: যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সাংসদ গৌৰৱ গগৈৰ - কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সাংসদ গৌৰৱ গগৈৰ

দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council election) ৷ শুকুৰবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী কেশৱ দেউৰীৰ (Congress candidate Keshab Deori) হৈ যোৰহাট ৮ নং সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই (MLA Bhaskar Baruah)।

Deori Autonomous Council election campaign in Jorhat
Deori Autonomous Council election: যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সাংসদ গৌৰৱ গগৈৰ
author img

By

Published : Nov 4, 2022, 1:19 PM IST

Updated : Nov 4, 2022, 2:03 PM IST

যোৰহাট, 4 নৱেম্বৰ: "এই অঞ্চলৰ লোকসকলৰ লগত মোৰ ব্যক্তিগতভাৱে এটা সুসম্পৰ্ক আছে ৷ মোৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে এই অঞ্চললৈ বহুবাৰ আহিছে, তেওঁক এই অঞ্চলৰ লোকে যথেষ্ট মৰম কৰিছিল, সন্মান কৰিছিল ৷ কেশৱ দেউৰীৰ লগত মোৰ প্ৰয়াত পিতৃৰ যথেষ্ট পুৰণি সম্পৰ্ক আছিল ৷ এই অঞ্চলৰ তেওঁ এজন শক্তিশালী সমাজসেৱক ৷ বিৰোধীসকলেও তেওঁৰ বিপক্ষে বেছি কথা কব নোৱাৰে ৷ তেওঁ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত বহু জনপ্ৰিয় ৷ এই নিৰ্বাচনত তেওঁ বিজয় হোৱাটো প্ৰায় নিশ্চিত হৈ আছে ৷" দেউৰীৰ স্বায়ত্ব শাসিত পৰিষদৰ যোৰহাটৰ ৮ নং সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ চলোৱা প্ৰচাৰত এই মন্তব্য প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi campaign in Jorhat) ৷

ৰাজ্যত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council election) ৷ অহা ৮ নৱেম্বৰত হ’বলগীয়া দেউৰীৰ স্বায়ত্ব শাসিত পৰিষদৰ নিবাচনৰ ভোটদান পৰ্বৰ বাবে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে । কংগ্ৰেছ আৰু অগপ মিত্ৰজোঁটৰ দুইগৰাকী প্ৰাথীয়ে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্ন ন ন কৌশল অৱলম্বন কৰি নিৰ্বাচনীৰ প্ৰচাৰ চলাইছে (Deori Autonomous Council election campaign in Jorhat)।

Deori Autonomous Council election: যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সাংসদ গৌৰৱ গগৈৰ

শুকুৰবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ কেশৱ দেউৰীৰ (Congress candidate Keshab Deori) হৈ যোৰহাটৰ ৮ নং সমষ্টিত নিৰ্বাচনীৰ প্ৰচাৰত অংশগ্ৰহণ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই (MLA Bhaskar Baruah)। এই ৰাজহুৱা সভাত গৌৰৱ গগৈয়ে অগপ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকীক টাৰ্গেট কৰি লোৱাৰ লগতে অগপ আৰু বিজেপি দুয়োটা দলকে তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

পূৰ্বৰ পৰাই আঞ্চলিক দলৰ ভেঢ়ি শক্তিশালী হোৱা স্বত্তেও বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ সমষ্টিৰ উন্নয়নত পূৰ্বৰ পৰাই অনিহা প্ৰকাশ কৰি অহাৰ ফলত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কেনেডী দেউৰীৰ প্ৰৱল প্ৰত্যাহ্বান সন্মুখীন হোৱাৰ সম্ভৱনা আছে ৷ পশ্চিম যোৰহাটৰ নামদেউৰীৰ আৰু ওপৰদেউৰীক লৈ ৮ নং দেউৰী স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিটোৰ ভোটাৰৰ সংখ্যা হৈছে ১৯৭৩ গৰাকী ।

লগতে পঢ়ক: Sarbananda Sonowal in BJP office: বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

Last Updated : Nov 4, 2022, 2:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.