যোৰহাট , ১৮ মে':যোৰহাট সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মীৰ যৌথ উদ্যোগত বুধবাৰে যোৰহাট প্ৰেছ ক্লাৱত শ্বহীদ পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অনুষ্ঠিত হয় এক বিশেষ বক্তৃতানুষ্ঠান (Death anniversary of Parag Kumar Das)। এই বক্তৃতানুষ্ঠানত "শ্বহীদ পৰাগ কুমাৰ দাস সাংবাদিকতা, মানৱাধিকাৰ আৰু সম্প্ৰতিক সময়" শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে যোৰহাট দেৱীচৰণ বৰুৱা ছাত্রী মহাবিদ্যালয়ৰ অধ্যাপক পদ্মলোচন নাথে (Lectures on Parag Kumar Das)। তেওঁ কয় যে, পৰাগ কুমাৰ দাসে সাংবাদিক হিচাপে আত্মপ্ৰকাশ কৰে প্ৰান্তিকৰ জৰিয়তে । সেই সময়ত অসম আন্দোলনৰ জৰিয়তে বহু দাবী উত্থাপিত হৈছিল । কিন্তু এই সমূহ বিষয়ৰ পৰিবৰ্তে তেওঁ লিখিছিল ঘৰখন কেনেকৈ চলিছে বা কেনেকৈ চলিব । তেওঁ আলোকপাত কৰিছিল বিভিন্ন জনগোষ্ঠীৰ সমস্যাৰ কথা ।
অধ্যাপক পদ্মলোচন নাথে কয় যে পৰাগ কুমাৰ দাসে পথাৰ আৰু বজাৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। কিয়নো উৎপাদন আৰু অৰ্থনীতি অবিহনে ৰাজ্য বা দেশৰ অৰ্থনীতিৰ উন্নতি সম্ভৱ নহয় । পথাৰৰ জৰিয়তে পৰাগ কুমাৰ দাসে উৎপাদনৰ কথা কৈছিল আৰু বজাৰৰ জৰিয়তে অৰ্থনীতিৰ কথা কৈ গৈছিল (Death anniversary of Parag Kumar Das)। পৰাগ কুমাৰ দাসে ভাৰতক বাদ দি পৃথক অসমৰ কথা কোৱা নাছিল । তেওঁ কৈছিল পাৰস্পৰিক সম্পৰ্ক অবিহনে কোনো ৰাজ্য আগবাঢ়ি যাব নোৱাৰে । তেওঁ উপলব্ধি কৰি সজোৰে কৈছিল যে, সন্ত্ৰাস সৃষ্টি কৰি কাৰোবাক খেদি অৰ্থনৈতিক উন্নতি সম্ভৱ নহয় । আৰু সেই আত্মবিশ্বাস তেওঁ সকলোৰে মাজত আনি দিব বিচাৰিছিল । প্ৰথম অৱস্থাত অসম আন্দোলন আছিল আৱেগৰ ঢৌ, কিন্তু পাছলৈ ই হৈ পৰিল আলফাৰ ঢৌ । যাৰ ফলত বহু সুবিধাবাদী সৃষ্টি হ'ল ।
তেওঁ লগতে কয় যে এটা সময়ত আলফাৰ মাজতো এনে পৰিস্থিতিৰ সৃষ্টি হ'ল যে দুটা পক্ষ হৈ এটাই আনটোক আক্ৰমণ কৰিবলৈ ল'লে । এনে এক পৰিস্থিতিৰ বলি হ'ব লগীয়া হ'ল পৰাগ কুমাৰ দাস । ৰাজপথত পৰাগ কুমাৰ দাসক গুলীয়াই হত্যা কৰা হ'ল। পৰাগ কুমাৰ দাসক কোনে হত্যা কৰিলে তাক বহুতেই দেখিছিল । কিন্তু সেই বিচাৰ প্ৰক্ৰিয়া হৈ সম্পূৰ্ণ হৈ নুঠিল । সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া মাফিয়া সংস্কৃতিয়ে গ্ৰাস কৰি পেলালে । সুযোগ সন্ধানীসমূহ বলবান হৈ পৰিল আৰু জাতীয়তাবাদৰ এটা ঢৌ শেষ হৈ পৰিল । পৰাগ কুমাৰ দাসে কৈছিল নিজৰ অধিকাৰ বিচৰাৰ কথা । আৰু সেই অধিকাৰ বন্দুকেৰে নহয়,পথাৰ আৰু বজাৰৰ জৰিয়তে বিচৰাৰ কথা কৈছিল তেওঁ । যি কথা আজিৰ যুগটো প্ৰাসংগিক ।
অধ্যাপক নাথে আৰু কয় যে পৰাগ কুমাৰ দাসৰ কথা অনুসৰি যদি পথাৰক গুৰুত্ব দিয়া হ'লে আজিৰ দিনত হিতাধিকাৰী সংজ্ঞাই গুৰুত্ব লাভ নকৰিলেহেঁতেন । কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান সময়ত আমাৰ পথাৰ উদং, পথাৰ সমূহ বিক্ৰী হৈ পৰিল । অসমীয়াৰ পথাৰ অনাঅসমীয়াৰ হাতলৈ গ'ল। অসম আন্দোলনে অসমীয়াৰ দীৰ্ঘ কালৰ ক্ষোভ প্ৰতিফলিত কৰিছিল । কিন্তু এচামে ইয়াক দমন কৰি পেলালে । পৰাগ কুমাৰ দাস মানে অধিকাৰ, জাতীয় পুনৰুদ্ধাৰৰ কণ্ঠ । কিন্তু পৰাগ কুমাৰ দাসক সন্ত্ৰাসৰ প্ৰতীক হিচাপেহে তুলি ধৰা হ'ল। জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত বক্তৃতানুষ্ঠানত যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি দিগন্ত বুঢ়াগোহাঁই, মঞ্জিত কলিতা, ৰফিক হুছেইন, গীতা খনিকৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।
লগতে পঢ়ক:MLA Sherman Ali: ক্ষমতাই মূৰত ধৰা বিধায়ক শ্বেৰমান আলীৰ অন কেমেৰা গুণ্ডাগিৰি; মুখৰো নাই লেকাম !