যোৰহাট, 16 অক্টোবৰ : যোৰহাট চহৰৰ উপকন্ঠ অঞ্চল বঙালপুখুৰীৰ সেউজী নগৰৰ নৰ্দমাত উদ্ধাৰ কৰা হৈছে মৃতদেহ । উন্মুক্ত নৰ্দমাত তললৈ মূৰ কৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে । ইতিমধ্যে, লিচুবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰে । জানিব পৰা মতে, মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই ৷
মন কৰিব লগীয়া বিষয় যে, মৃতদেহৰ পৰা নিৰ্গত গোন্ধৰ পৰা অনুমান কৰিব পাৰি যে তিনি চাৰি দিনৰ আগৰে পৰা নৰ্দমাত পৰি আছিল শৰীৰটো। উদ্ধাৰ সময়ত মৃত লোকজনৰ শৰীৰত সন্দেহ জনক কোনোধৰণৰ দাগ দেখা পোৱা নাই যদিও কি কাৰণত কেনেদৰে নৰ্দমাত পৰিল সেইয়া এক ৰহস্য হৈ আছে ।
সম্প্ৰতি, আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে ৷ আৰক্ষীৰ পৰৱৰ্তী তদন্তৰ অন্ততহে প্ৰকৃত ঘটনা স্পষ্ট ৰূপত প্ৰকাশ পাব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : শ্বহীদ বেদীত বহি ফেচবুকত ফটো আপলোড কৰি শিক্ষা পালে যুৱকৰ দলে