ETV Bharat / state

নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত মৰিয়নীত জব্দ 4 শতাধিক চাইকেল

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তৎপৰতাত শনিবাৰে জব্দ কৰা হয় প্ৰায় 4 শতাধিক চাইকেল ৷ মৰিয়নী চাহ মজদুৰ ছাত্ৰাবাসত চাহ বাগিচাৰ লোকক বিলাবলৈ মজুত কৰি ৰখা অৱস্থাত মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জব্দ কৰে চাইকেলসমূহ ৷

cycle-sized-at-mariani
নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত মৰিয়নীত জব্দ 4শতাধিক চাইকেল
author img

By

Published : Feb 27, 2021, 3:56 PM IST

মৰিয়নী,27ফেব্ৰুৱাৰী : শুকুৰবাৰে ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰী হোৱাৰ পাচতে কঠোৰ হৈ পৰিছে প্ৰশাসন ৷ মৰিয়নীত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তৎপৰতাত শনিবাৰে জব্দ কৰা হয় প্ৰায় 4 শতাধিক চাইকেল ৷ মৰিয়নী চাহ মজদুৰ ছাত্ৰাবাসত চাহ বাগিচাৰ লোকক বিলাবলৈ মজুত কৰি ৰখা অৱস্থাত মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জব্দ কৰে চাইকেলসমূহ ৷

লক্ষণীয়ভাৱে, এই বৃহৎ সংখ্যক চাইকেলসমূহ কোনটো ৰাজনৈতিক দলে বিতৰণ কৰিবলৈ আনিছিল সেইয়া বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে ৷

নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত মৰিয়নীত জব্দ 4শতাধিক চাইকেল

আনহাতে,মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি চাহ শ্ৰমিকসকলে প্ৰলোভনৰ ৰাজনীতিত ভোল নাযায় বুলি কৈ চাহ শ্ৰমিক সকলে চাইকেলৰ সলনি মজুৰি বৃদ্ধি, মাটিৰ পট্টা, জনজাতিকৰণ, চাকৰি বিচাৰে বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.