ETV Bharat / state

যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ

আজিৰে পৰা সমগ্ৰ দেশ তথা ৰাজ্যত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ ৷ যোৰহাট জিলাতো আৰম্ভ হৈছে টীকাকৰণ ৷ সপ্তাহৰ চাৰিটা বাৰত প্ৰদান কৰা হ'ব এই টীকাকৰণ ৷

যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ
যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ
author img

By

Published : Jan 16, 2021, 1:32 PM IST

যোৰহাট,16জানুৱাৰী: আজি ১৬ জানুৱাৰী । সমগ্ৰ দেশৰ বাবে আজি এটা ঐতিহাসিক দিন । কিয়নো আজিৰ পৰাই সমগ্ৰ দেশতে আৰম্ভ হৈছে ক'ভিড-19ৰ টীকাকৰণ প্ৰক্ৰিয়া । বিগত প্ৰায় এটা বছৰ ধৰি মহামাৰী ক'ভিডৰ সংহাৰত তচ-নচ হৈ পৰিছিল বিশ্ব তথা সমগ্ৰ দেশ । কিন্তু আজি ক'ভিডৰ ভেকচিনেচন হোৱাৰ পিছতেই স্বস্তিৰ নিঃশ্বাস পেলাইছে দেশবাসীয়ে। ইতিমধ্য়ে প্ৰতিখন ৰাজ্যতে আৰম্ভ হৈছে এই টীকাকৰণ প্ৰক্ৰিয়া ৷

যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ যোৰহাট জিলাতো আৰম্ভ হৈছে ক'ভিড-19 ৰ টীকাকৰণ প্ৰক্ৰিয়া ৷ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১০০ গৰাকী স্বাস্থ্যকৰ্মীক দিয়া হ'ব ক'ভিড-19ৰ টীকাকৰণ ৷ ইয়াৰে ১০ জন চিকিৎসকক দিয়া হ'ব এই টীকা ৷ চিকিৎসা মহাবিদ্যালয়খনত প্ৰথম ভেকচিন লয় ড০ দীপক শৰ্মাই ৷ জিলাখনত সপ্তাহৰ চাৰিটা দিনত প্ৰদান কৰা হ'ব ক'ভিড-19ৰ টীকাকৰণ ৷

যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ
যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ

প্ৰাপ্ত তথ্য অনুসৰি,প্ৰথম পৰ্যায়ত মুঠ ৩,৮৪০ ড'জ ভেকচিনেচন আহিছে যোৰহাটলৈ ৷ ইয়াৰ লগতে,তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়তো প্ৰদান কৰা হ'ব ক'ভিড ভেকচিনেচন ৷

যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ
যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ

অন্য এক খবৰৰ বাবে: বটদ্ৰৱাত পথ দুৰ্ঘটনা:নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.