ETV Bharat / state

যোৰহাটত কৰ'ণা আক্ৰান্ত যুৱকৰ মৃত্যু

কৰ'ণাত আক্ৰান্ত হৈ দেওবাৰে যোৰহাটত এগৰাকী যুৱকে মৃত্যু সাৱটি লয় ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল যুৱক গৰাকী ৷

কৰ'ণা আক্ৰান্ত যুৱক মৃত্যু
কৰ'ণা আক্ৰান্ত যুৱক মৃত্যু
author img

By

Published : Jul 12, 2020, 8:16 PM IST

যোৰহাট, 12 জুলাই : দেওবাৰে যোৰহাটত মৃত্যুক সাৱটি লয় কৰ'ণাত আক্ৰান্ত এগৰাকী যুৱকে ৷ মৃত যুৱকগৰাকী যোৰহাটৰ লাহতী পেট্ৰ'ল পাম্পৰ সমীপবৰ্তী বাসিন্দা আশিষ চাহেৱাল বুলি জানিব পৰা গৈছে ৷ দুদিন পূৰ্বে জ্বৰ আৰু কাহত আক্ৰান্ত হৈছিল 36 বছৰীয়া যুৱকগৰাকী ৷ তাৰ পিচতেই শনিবাৰে যুৱক গৰাকীৰ স্বাৱ পৰীক্ষা কৰোৱা হৈছিল ৷ কিন্তু দেওবাৰে পুৱা শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যুৱকজনক ৷

যোৰহাটত কৰ'ণা আক্ৰান্ত যুৱকৰ মৃত্যু

উল্লেখ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক ৷ কিন্তু দেওবাৰে দুপৰীয়া চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় তেওঁ ৷ মৃত্যুৰ পাচত অহা স্বাৱ পৰীক্ষাৰ ফলাফলত যুৱক গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে ৷ যোৰহাটৰ মাজমজিয়াত অৱস্থিত দুৰ্গা ষ্ট'ৰ নামৰ এখন বিপণীৰ স্বত্বাধিকাৰী আছিল যুৱকজন ৷ জিলা প্ৰশাসনৰ লোকে জানিবলৈ দিয়া অনুসৰি, যুৱক গৰাকীৰ দেহত দেখা দিয়া নাছিল কোনো ধৰণৰ কৰ'ণাৰ লক্ষণে ৷ যোৰহাটৰ গড়মুৰ শ্মশানত যুৱকজনৰ শেষকৃত্য সম্পন্ন কৰা হয় বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনৰ লোকে ৷ ইয়াৰ লগে লগে সমগ্ৰ অসমতে মুঠ 36 গৰাকীলৈ বৃদ্ধি পায় মৃতকৰ সংখ্যা ৷

লগতে পঢ়কঃ ২৪ ঘণ্টাত গুৱাহাটীত কৰ'ণাত আক্ৰান্ত হৈছে ৪১০ গৰাকী ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.