যোৰহাট, 17 জুনঃ এতিয়াৰে পৰা যোৰহাট চহৰত মাক্স পৰিধান নকৰাকৈ ফুৰিলে ভৰিবলগীয়া হ'ব জৰিমনা ৷ যোৰহাট জিলাত কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷ যোৰহাটত বৰ্তমান কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে মুঠ ১১৯ গৰাকীলৈ ৷
বৃহস্পতিবাৰে জিলা প্ৰশাসনে গঠন কৰিব এটা বিশেষ ট্ৰাস্ক ফৰ্ছ ৷ মাক্স পৰিধাণ নকৰা লোকে ভৰিব লাগিব ৫০০ টকাকৈ জৰিমনা ৷ ইয়াৰোপৰি ৰৰৈয়া বিমান বন্দৰত স্বাৱ পৰীক্ষা কৰা হ'ব সকলো লোকৰে ৷ চিকিৎসক,আৰক্ষী, চৰকাৰী কৰ্মচাৰী,স্বাস্থ্যকৰ্মী সকলোৰে কৰা হ'ব স্বাৱ পৰীক্ষা ৷ চহৰ খনৰ ট্ৰাক আস্থানৰ লগতে সকলো চালক হেণ্ডিমেনৰো কৰা হ'ব স্বাৱ পৰীক্ষা ৷
লগতে পঢ়কঃ COVID-19ত আক্ৰান্ত বৰপেটাৰ এগৰাকী কৰ্কট ৰোগী