ETV Bharat / state

যোৰহাটত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি COVID আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jul 22, 2020, 4:46 PM IST

যোৰহাট জিলাত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে COVID আক্ৰান্ত লোকৰ সংখ্যা ৷ যোৰহাটত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা কৰিছে বহু লোকে ৷

COVID আক্ৰান্তৰ সংখ্যা
COVID আক্ৰান্তৰ সংখ্যা

যোৰহাট, 22 জুলাই: যোৰহাটত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা কৰিছে বহু লোকে ৷ কিয়নো ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈয়ে প্ৰতিদিনেই জিলাখনৰ বহু লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইতিমধ্যে জিলা খনত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১০৬৪ গৰাকীলৈ ৷ মঙলবাৰৰ দিনটোতো জিলাখনত ১৬৫ গৰাকী লোকৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

বুধবাৰে যোৰহাটস্থিত সঞ্জীৱনী চিকিৎসালয়ৰ 4 গৰাকী কৰ্মচাৰী আক্ৰান্ত COVID-19 ত

যোৰহাট জিলা প্ৰশাসনে চহৰখনৰ দুখনকৈ ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰীৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱাৰ পাচতে,যোৰহাটৰ জেইল ৰোডস্থিত কে.জি নাৰ্ছিং হোমখন ছীল কৰি দিছে ৷ আনহাতে বুধবাৰে যোৰহাটস্থিত সঞ্জীৱনী চিকিৎসালয়ৰ 4 গৰাকী কৰ্মচাৰীৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰ পাচতে চিকিৎসালয় খনত অস্থায়ীভাৱে চিকিৎসা সেৱা বন্ধ কৰি দিয়া হৈছে ৷ ইয়াৰোপৰি যোৰহাটৰ ১৯ নং ৱাৰ্ডত স্থাপিত ৰেপিড এণ্টিজেন টেষ্ট কেন্দ্ৰত দৈনিক কেইবাগৰাকীও লোকৰ দেহত ধৰা পৰিছে COVID-19 ৷ ৫ নং ৱাৰ্ডত স্থাপিত ৰেপিড এণ্টিজেন টেষ্ট কেন্দ্ৰতো যোৱা দুটা দিনত ৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

লগতে পঢ়ক: COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.