মাজুলী, 12 অক্টোবৰ : মাজুলীত জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ভোট ব্যৱস্থাপনাৰ ওপৰত বুথ পৰ্যায়ৰ অভিকৰ্ত্তা আৰু বুথ কমিটীৰ সভাপতি সকলৰ এখন কৰ্মশালা অনুষ্ঠিত হয় ৷ ৰঙাচাহী প্ৰগতি ৰংগমঞ্চৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কৰ্মশালা সভাখনি ৷
2021 চনত কেনেকৈ কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰি তাৰ ওপৰত কৰ্মশালখনত আলোচনা কৰা হয় ৷ লগতে, বিজেপি চৰকাৰে মাজুলীত কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই বুলি সভাখনত চৰকাৰক সমালোচনা কৰে ৷ মাজুলীত গৰাখহনীয়া সমস্যাই মাজুলীখন কম দিনৰ ভিতৰতে নিঃশেষ কৰিব কিন্তু বিজেপি চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰে ৷ মাজুলীৰ চিকিৎসা বিভাগটো অতি শোচনীয় বুলি কোৱাৰ লগতে প্ৰায়সমূহ মেডিকেলত চিকিৎসক নথকাৰ বাবে ৰাইজে জীয়াতু ভুগিব লগা বুলি উল্লেখ কৰে ৷ লগতে, SI পৰীক্ষাত হোৱা কেলেংকাৰীক লৈ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে বিজেপি চৰকাৰৰ লগতে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
লগতে পঢ়ক : ৰাজ্যৰ দীৰ্ঘতম মালিগাঁও উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন