তিতাবৰ, 12 জানুৱাৰী : অহা 20 জানুৱাৰীত অনুষ্ঠিত হ'ব ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন (Thengal Kachari election) ৷ সেই উদ্দেশ্যে মঙলবাৰে পুৱা নিৰ্বাচনী প্ৰচাৰৰ সবিশেষ বুজ ল’বলৈ তিতাবৰত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika visits Titabar) ৷ তিতাবৰস্থিত ঠেঙাল কছাৰী সাংস্কৃতিক সংগ্ৰহালয়ত আয়োজিত দলটোৰ এখন বৈঠকতো মিলিত হয় মন্ত্ৰীগৰাকী ৷
তিতাবৰৰ দহোখন আসনতেই বিজেপি-অগপৰ মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি দাবী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ এইবেলি তিতাবৰত কংগ্ৰেছৰ ভেটি উছন হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই জলজীৱন মিছনক লৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে তিতাবৰৰ বিধায়কগৰাকীক এগৰাকী মিছলীয়া বিধায়ক হিচাপে আখ্যা দিয়ে (MLA Bhaskarjyoti Baruah of Titabar is a cheats and liars, Says Pijush Hazarika) ৷ তিতাবৰৰ বিধায়ক গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈ ক’লে, জলজীৱন মিছন কেন্দ্ৰীয় চৰকাৰৰহে এখন আঁচনি ৷
কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমষ্টিলৈ পোনে পোনে আহে বুলি উল্লেখ কৰি তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক এজন ঠগ তথা মিছলীয়া বিধায়ক হিচাপে গণ্য কৰি তিতাবৰৰ ৰাইজক বিধায়কগৰাকীৰ কাষৰ পৰা পলাব লাগে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : কংগ্ৰেছে দখল কৰিব ঠেঙাল কছাৰী পৰিষদ : প্ৰদীপ গগৈ