যোৰহাট,24 নৱেম্বৰ: সমগ্ৰ ৰাজ্য এতিয়া শোকস্তব্ধ ৷ ৰাজনীতিৰ ঊৰ্ধত সকলোৰে প্ৰিয় ব্যক্তিগৰাকী আৰু কেতিয়াও ঘূৰি নাহে ৷ কিয়নো সোমবাৰে মৃত্যুৰ শীতল কোলাত শুই পৰিছে সকলোৰে প্ৰিয় ব্যক্তি তথা তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা তৰুণ গগৈ ৷ গগৈৰ মৃত্যুত শোকত ভাঙি পৰিছে দলীয় নেতা-কৰ্মীৰ লগতে জন সাধাৰণ ৷ ইতিমধ্যে গগৈৰ মৃত্যুৰ বাবে লাচিত দিৱস উপলক্ষে আয়োজিত ঐতিহাসিক লাচিত মৈডামৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷
যোৰহাটৰ জয়া ভৱনত টাই আহোম ছাত্ৰ সন্থা আৰু টাই চাবেৰ সকলো সদস্য, কৰ্ম-কৰ্তা সমবেত হৈ প্ৰিয় নেতাগৰাকীৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে চাওকঃ বৰজুলিত উত্তপ্ত পৰিস্থিতি: পথ অৱৰোধ