ETV Bharat / state

Cabinet Meeting in Jorhat: যোৰহাটৰ উন্নয়নৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প গ্ৰহণ ৰাজ্যিক কেবিনেটৰ - Cabinet Meeting decision

যোৰহাটৰ উন্নয়নৰ বাবে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্ব সিদ্ধান্ত ৷ যোৰহাটৰ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে PHCক 100কোটি টকাৰ অনুমোদন কেবিনেটৰ ৷ মৰিয়নিত নিৰ্মাণ হ’ব এখন 100খন বিচনাযুক্ত চিকিৎসালয় ৷ যোৰহাটত তাৰকাগৃহ(Planetarium in Jorhat)নিৰ্মাণৰ বাবে 10কোটি টকা অনুমোদন কেবিনেটৰ ৷

Jorhat Cabinet Meeting
Etv Bharatযোৰহাটৰ উন্নয়নৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প গ্ৰহণ ৰাজ্যিক কেবিনেটৰ
author img

By

Published : Dec 15, 2022, 10:35 PM IST

যোৰহাটৰ উন্নয়নৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প গ্ৰহণ ৰাজ্যিক কেবিনেটৰ

যোৰহাট, 15 ডিচেম্বৰ: সামৰণি পৰিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৰহাটত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ (Cabinet Meeting in Jorhat)৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ‘ৰেপিড’ ব্যৱস্থাক স্বীকৃতি প্ৰদান ৰাজ্যিক কেবিনেটৰ(Assam Cabinet Meeting) ৷ নিজৰ বাইক যোগে যি কোনো লোকেই কৰিব পাৰিব ‘ৰেপিড’ ৷ নম্বৰ প্লেট সলনি নকৰাকৈয়ে এতিয়াৰে পৰা কোনো লোকে নিজৰ বাহনখন ‘পুল কাৰ’ কৰি যাত্ৰী কঢ়িয়াব পাৰিব ৷ মধ্যবিত্ত লোকসকল উপকৃত হোৱাকৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma) ৷ চহৰৰ ষ্ট্ৰীট লাইটসমূহ চৰকাৰ আৰু পৌৰসভা একত্ৰিত হৈ জ্বলোৱাৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা ৰাজ্যিক কেবিনেটৰ ৷

ইফালে, যোৰহাটৰ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে PHCক 100কোটি টকাৰ অনুমোদন কেবিনেটৰ(Jorhat PHE) ৷ যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে ডেৰকিলোমিটাৰ দৈঘ্যৰ এখন উৰণীয়া সেতুৰো অনুমোদন কেবিনেটৰ ৷ বৰহোলাৰ পৰা যোৰহাট ন-আলিলৈকে অসম মালাৰ অধিনত নিৰ্মাণ হ’ব এটা পথ ৷ যোৰহাটত এখন চক বজাৰ নিৰ্মাণৰো সিদ্ধান্ত কেবিনেটৰ ৷ মৰিয়নিত নিৰ্মাণ হ’ব এখন 100খন বিচনাযুক্ত চিকিৎসালয় ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ(Jorhat medical college hospital) 1,22কোটি টকাৰ অনুমোদন(Cabinet decision for development of Jorhat) ৷

চেলেংহাট আৰু দেৰগাঁৱত স্থাপন হ’ব একোখনকৈ মহাবিদ্যালয় ৷ যোৰহাটত ১০০০ মানুহ বহিব পৰাকৈ নগৰৰ মাজমজিয়াত এটা পেক্ষাগৃহ(Jorhat Public Hall) নিৰ্মাণ কৰা হ’ব বুলিও কেবিনেটৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ যোৰহাটত তাৰকাগৃহ(Planetarium in Jorhat)নিৰ্মাণৰ বাবে 10কোটি টকা অনুমোদন কেবিনেটৰ ৷ নকছাৰীৰ পৰা কাকডোঙা লৈ অসম মালা আচনি অধীনত নিৰ্মাণ হ’ব পথ, বৰহোলা পৰা যোৰহাট কে বি ৰোডলৈও নিৰ্মাণ কৰা হ’ব পথ ৷

ইয়াৰ লগতে, 2023 চনত উপায়ু্ক্ত সন্মিলন যোৰহাটত অনুষ্ঠিত হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ আনহাতে, 30খনকৈ পুৰণিকলীয়া আইন বাতিল কৰাৰ বাবে আগন্তুক বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰা হ’ব বুলিও কেবিনেট বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM on Cabinet decision) ৷

লগতে পঢ়ক: Insult to Assamese language: বনছুৰ ধৃষ্টতা, অসমীয়া ভাষাৰ ফলকত সানিলে বগা ৰং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.