ETV Bharat / state

যোৰহাটৰ তিনিদিনীয়া স্ব-নিয়োজন মেলাৰ সামৰণি - ভাৰতীয় চাহ বৰ্ড

যোৰহাট কাছাৰী মৈদানত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা স্ব- নিয়োজন ( স্বাৱলম্বিতাৰ দিশে এটি প্ৰয়াস) মেলাৰ শনিবাৰে সফলতাৰে অন্ত পৰে (Swa Niyojan Mela in Jorhat) ৷ এই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ তথা ভাৰতীয় চাহ বৰ্ডৰ সদস্য কামাখ্যা প্ৰসাদ তাচাই (Kamakhya Prasad Tasa) ৷

closing-ceremony-of-swa-niyojan-mela-held-in-jorhat
যোৰহাটৰ তিনিদিনীয়া স্ব-নিয়োজন মেলাৰ সামৰণি
author img

By

Published : Apr 9, 2022, 10:10 PM IST

যোৰহাট, 8 এপ্ৰিল: যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট কাছাৰী মৈদানত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা স্ব- নিয়োজন ( স্বাৱলম্বিতাৰ দিশে এটি প্ৰয়াস) মেলাৰ শনিবাৰে সফলতাৰে অন্ত পৰে (Swa Niyojan Mela in Jorhat) ৷ যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ বিশেষ প্ৰচেষ্টাত জিলাখনত প্ৰথমবাবৰ বাবে নিবনুৱাসকলক স্বনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাবলৈ এনেধৰণৰ সমাৱেশৰ ব্যৱস্থা কৰা হৈছে ৷

closing-ceremony-of-swa-niyojan-mela-held-in-jorhat
যোৰহাটৰ তিনিদিনীয়া স্ব-নিয়োজন মেলাৰ সামৰণি

শনিবাৰে এই অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ তথা ভাৰতীয় চাহ বৰ্ডৰ সদস্য কামাখ্যা প্ৰসাদ তাচাই (Kamakhya Prasad Tasa) ৷ এই অনুষ্ঠানত উপস্থিত থাকি সাংসদগৰাকীয়ে যোৰহাট জিলাত জিলা উপায়ুক্ত গৰাকীৰ তৎপৰতাত জিলা প্ৰশাসনে আয়োজন কৰা এনেধৰণৰ ব্যতিক্ৰমী স্ব- নিয়োজন মেলা তথা নিয়োগ সৃষ্টিৰ মেলাৰ জৰিয়তে যুৱক-যুৱতীসকলে চৰকাৰে দিব বুলি ৰৈ নাথাকি নিজে কম মূলধন নিয়োগ কৰিয়ে উপাৰ্জনৰ পথ বাছি ল'বলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ৷

এনেধৰনৰ স্ব- নিয়োজন মেলা প্ৰতিখন জিলাতে আয়োজন কৰাটো অতি জৰুৰী বুলি উল্লেখ কৰি আগলৈ প্ৰতিখন জিলাতে এই মেলাৰ আয়োজন কৰিবলৈ চৰকাৰক আহ্বান জনাব বুলিও সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে ৷ এই তিনিদিনীয়া কাৰ্যসূচীত উৎপাদনৰ সম্ভাৱনা থকা শিতানসমূহ যেনে- কৃষি,ৰেছম, পশুপালন,বনপালন,মীনপালন, চাহ উদ্যোগ আদিৰ লগতে বিত্তীয় প্ৰতিষ্ঠান,কেৰিয়াৰ গাইড আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

এই অনুষ্ঠানত বানিজ্য আৰু নিয়োগ আয়ুক্ত, নেডাৰলেণ্ডৰ প্ৰতিনিধি অম্লান বৰুৱা, NERAMC লিমিটেডৰ পৰিচালন সঞ্চালক মনোজ দাস ,যোৰহাট,জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঁঞা, অতিৰিক্ত উপায়ুক্তদ্বয় দামোদৰ বৰ্মন আৰু অৰুন ব্ৰহ্ম,এয়াৰ ফ'চৰ মুৰব্বী বিষয়াসকল, বেংকসমূহৰ মুৰব্বী বিষয়াসকল, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

অনুষ্ঠানত মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা যুৱক যুৱতীসকলক শুভেচ্ছা জ্ঞাপন কৰি উৎসাহিত কৰে ৷ সামৰণি অনুষ্ঠানত যোৰহাটৰ শিল্পী অমন আহমেদে গীত পৰিৱেশন কৰে ৷

সামৰণি অনুষ্ঠানত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে স্ব- নিয়োজন মেলাখন সাফল্যমণ্ডিত কৰি তোলা বিশিষ্ট ব্যক্তিসকল জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰীসকল, উপস্থিত বেংকসমূহৰ মুৰব্বী বিষয়াসকল, NCC ৰ বিষয়াসকল, এয়াৰ ফ'চৰ বিষয়াসকল, CSIR- NEIST, RFRI, AAU আদি প্ৰতিষ্ঠানসমূহ আৰু মেলাখনৰ লগত জড়িত থকা সকলো ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰোধিতা অসম সাহিত্য সভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.