ETV Bharat / state

কৃষি আইন বাতিলৰ দাবীত যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - ৰাজধানী দিল্লীৰ

ৰাজধানী দিল্লীৰ সমান্তৰালকৈ অসমৰ ভিন্ন প্ৰান্ততো অব্যাহত আছে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ । বৃহস্পতিবাৰে ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত যোৰহাটত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ।

কৃষি আইন বাতিলৰ দাবীত যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Dec 17, 2020, 5:59 PM IST

যোৰহাট, ১৭ ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ জনস্বাৰ্থ বিৰোধী ৩ খনকৈ কৃষি আইন বাতিলৰ দাবীত সমগ্ৰ দেশত কৃষকসকলে সংগঠিত ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি আছে । যোৰহাট নগৰৰ মাজমজিয়াৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়ায় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনসমূহৰ যৌথ মঞ্চই । লগতে দিল্লীত চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত কৃষি আইন বাতিলৰ লগতে কৃষকৰ ভূমি কৰ্প'ৰেটৰৰ হাতত গতাই দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

কৃষি আইন বাতিলৰ দাবীত যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
কৃষি আইন বাতিলৰ দাবীত যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

কৃষি আইন বাতিল নকৰা পৰ্যন্ত তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে, যোৱা ২৬ নৱেম্বৰৰ পৰা কৃষক ইউনিয়নে দিল্লী সীমান্ত কৃষি আইন বাতিলৰ দাবী বিদ্ৰোহ কৰি আছে । থেৰেঙা লগা জাৰত পৰিয়াল লগত লৈ বহু কষ্টেৰে প্ৰতিবাদস্থলীতে বাহৰ পাতিছে প্ৰতিবাদী কৃষকসকলে । আনহাতে, কেইবাখনো বৈঠকৰ পিছতো চৰকাৰে কৃষকৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই । ইয়াৰ পৰিৱৰ্তে এতিয়া কৃষকক প্ৰতিবাদস্থলীৰ পৰা আঁতৰ কৰাৰহে পৰিকল্পনা কৰিছে চৰকাৰী পক্ষই ।

লগতে পঢ়ক:পলাশবাৰীত কংগ্ৰেছত ব্যাপক খহনীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.