যোৰহাট,২২ আগষ্ট: গুৱাহাটী বাহিৰত প্ৰথমবাৰৰ বাবে যোৰহাটত অনুষ্ঠিত কৰা হৈছে এক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী । মঙলবাৰে অনুষ্ঠিত হোৱা উক্ত প্ৰদৰ্শনীত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । আনহাতে এই প্ৰদশনী অনুষ্ঠানত উপস্থিত থাকি শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয় যে, আমি সাধাৰণভাৱে টিউচন বন্ধ কৰা নাই । কিন্তু শিক্ষক-শিক্ষয়ত্ৰীসকলে নিজৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলক টিউচন কৰা প্ৰথাটোহে বন্ধ কৰি দিয়া হৈছে ।
আনহাতে শিক্ষানুষ্ঠান সমুহৰ আন্তঃগাঁথনি সম্পৰ্কত তেওঁ কয় যে, ৱৰ্ল্ড বেংকৰ পুঁজিৰে প্ৰাথমিক বিদ্যালয় আন্তঃগাঁথনি উন্নত কৰা হ'ব আৰু ২৫২ খন মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰিব বাবে প্ৰত্যকখনৰ বাবে ৫ কোটি টকাকৈ ধাৰ্য কৰা হৈছে আৰু ৬০ খন শিক্ষানুষ্ঠানৰো আন্তঃগাঁথনি তথা সমস্যাসমূহ সমাধান বাবে ডনাৰ পুঁজি ব্যৱহাৰ কৰা হ'ব ।
আনহাতে এন পি এছ সন্থায়ে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ কৰা প্ৰতিবাদ সন্দৰ্ভত কয় যে, কৰ্মচাৰী পৰিষদে আগতেই ৰাজ্য চৰকাৰ লগত বুজাবুজি কৰি লৈছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ক্ষেত্ৰত যি নীতি আছে সেই নীতি মতেই এই পেন্সন নীতি কৰা হৈছিল ।
যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু নৰ্মাল স্কুল চৌহদত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে আয়োজন কৰা এই অনুষ্ঠানত ভিন্ন প্ৰান্তৰ বিদ্যালয় শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ লগতে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ।
লগতে পঢ়ক: Hengul Theatre: আৰম্ভ হেঙুলৰ ৩৬ সংখ্যক বৰ্ষৰ নাট্যযাত্ৰা