ETV Bharat / state

National Childrens Science Congress : ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত টীয়কৰ দুই ছাত্ৰ

author img

By

Published : Dec 30, 2022, 12:48 PM IST

জানুৱাৰীত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'বলগাীয়া ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে টীয়কৰ নৱম শ্ৰেণীৰ দুই ছাত্ৰ ক্ৰমে নিহাৰ দত্ত আৰু অবিনাশ তামুলী । উল্লেখ্য় যে, ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে অসমৰ ২৮ গৰাকী শিশু বিজ্ঞানী (National Childrens Science Congress 2022 23)। ইয়াৰ ভিতৰত স্থান লাভ কৰিছে টীয়ক বনাই হাইস্কুলৰ এই দুই ছাত্ৰই ।

National Childrens Science Congress 2022 23 at Ahmedabad
ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে টীয়কৰ দুই নৱম শ্ৰেণীৰ ছাত্ৰ

টীয়ক,৩০ ডিচেম্বৰ: "সু-স্বাস্থ্য আৰু সৰ্বাংগীন কুশলতাৰ বাবে পৰিস্থিতিতন্ত্ৰক বুজো আঁহা" শীৰ্ষক মূল মন্ত্ৰৰে তেজপুৰত অনুষ্ঠিত ২০২২ বৰ্ষৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ ১৯ ডিচেম্বৰত সামৰণি পৰিছিল (State Childrens Science Festival at Tezpur)। এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছিল অসমৰ বিভিন্ন জিলাৰ ২৮গৰাকী শিশু বিজ্ঞানী (Selected for National Children Science Congress) ।

এই সমাৰোহৰ পৰাই টীয়কবাসীলৈকো আহিল এটা সুখবৰ । টীয়ক বনাই হাইস্কুলত অধ্যয়নৰত নৱম শ্ৰেণীৰ দুই ছাত্ৰ ক্ৰমে নিহাৰ দত্ত আৰু অবিনাশ তামুলীয়ে অহা ২৬ জানুৱাৰীৰ পৰা আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে(National Childrens Science Congress 2022 23 at Ahmedabad) । পেলনীয়া ৰবাব টেঙাৰ বাকলিৰ বগা অংশৰে কেণ্ডী প্ৰস্তুত কৰি জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত নিৰ্বাচিত হৈ এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে ।

উল্লেখযোগ্য যে, সমগ্ৰ অসমৰ পৰা নিৰ্বাচিত মুঠ ২৮ গৰাকী প্ৰতিয়োগীয়ে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । য'ত যোৰহাট জিলাৰ হৈ বনাই হাইস্কুলৰ এই দুই ছাত্ৰই ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হোৱাৰ সুবিধা লাভ কৰিছে । সেয়ে এতিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকলো অতিকৈ উৎসাহিত হৈ পৰিছে । লগতে এই প্ৰকল্পই কেৱল প্ৰতিযোগিতাত নহয়, অনাগত দিনত অসমৰ থলুৱা সামগ্ৰীৰে প্ৰস্তুত কৰা এই কেণ্ডীয়ে অৰ্থনৈতিকভাৱেও সকলোকে স্বাৱলম্বী কৰিব বুলি আশা প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে ৰবাব টেঙাৰ বগা অংশ পৃথক কৰি তাত চেনী, গুৰেৰে পগাই শুকুৱাই কেণ্ডী প্ৰস্তুত কৰি থলুৱা ফল মূল ব্যৱহাৰ কৰি ইতিমধ্যেই এই দুগৰাকী ছাত্ৰই বিশেষ চৰ্চা লাভ কৰিছে । পঢ়াৰ সমান্তৰালকৈ ছাত্ৰ দুগৰাকীয়ে লোৱা এই পদক্ষেপক এতিয়া সকলোৱে আদৰণি জনাইছে । সেয়ে বনাইৰ দৰে এটা অঞ্চলৰ পৰা চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত এই ছাত্ৰ দুগৰাকীয়ে যাতে অনাগত দিনত আৰু সফলতা লাভ কৰিব পাৰে তাৰ কামনা কৰিছে সকলোৱে ।

উল্লেখ্য যে, যোৱা ১৬ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈছিল শিশু বিজ্ঞান সমাৰোহ আৰু অসম চৰকাৰৰ ৰাজ্যিক বিজ্ঞান মেলা । য'ত নিৰ্বাচিত হৈছিল টীয়কৰ বনাই হাইস্কুলৰ নৱম শ্ৰেণীৰ দুই ছাত্ৰ ক্ৰমে নিহাৰ দত্ত আৰু অবিনাশ তামুলী । ইফালে শিশু বিজ্ঞানীসকলে প্ৰদৰ্শন কৰা আৰ্হি প্ৰকল্পসমূহ ২৭ গৰাকী অভিজ্ঞ মূল্যায়কে মূল্যায়ন কৰাৰ পিছত নিৰ্বাচিত ২৮ গৰাকীকৈ শিশু বিজ্ঞানীক বিশিষ্ট অতিথিসকলে মান-পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে ।

লগতে পঢ়ক: Successful women of Assam : পথিকৃৎ...এনেকৈয়ে আহে সফলতা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.