ETV Bharat / state

Chief Minister in Jorhat: ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে - Chief Minister in Jorhat

দিনীয়া ভ্ৰমণ সূচীৰে বুধবাৰে যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰে পিচত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ নেদেখাজনৰ আশীৰ্বাদ লয় ৷

Chief Minister takes blessings at Dhekiakhowa Barnamghar and Mainaparia Namghar
ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে
author img

By

Published : Aug 16, 2023, 7:51 PM IST

ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

টীয়ক, 16 আগষ্ট : ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ নেদেখাজনৰ আশীৰ্বাদ ল’লে ৷ দুদিনীয়া ভ্ৰমণ সূচীৰে বুধবাৰে যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই ভ্ৰমণ সূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবাটাও কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছে।

পুৱাৰ ভাগত অসম কৃষি বিশ্ববিদ্যালয়ত উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰাৰ পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত নিৰ্মিত প্ৰথমখন যোৰহাট নগৰ আৰু ন-আলি সংযোগী উৰণ সেঁতু উদ্বোধন কৰে।

তাৰ পাচতে বিয়লি ভাগত পূৱ যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ, মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত, ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণ, অতিথি ভৱন আৰু মইনাপৰীয়া নামঘৰত নেদেখাজনৰ চৰণত সেৱা লয়। উল্লেখযোগ্য যে চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে পূৰ্বে ঢেকীয়াখোৱা বৰনামঘৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা মূল তোৰণখন ভাঙি নতুনকৈ অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ৷ এই নৱনিৰ্মিত তোৰণখন আৰু অতিথি ভৱনটি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পিচতে এতিয়া অধিক উৎসাহিত হৈ পৰিছে নামঘৰ পৰিচালনা সমিতিৰ লগতে সমূহ টীয়কবাসী।

ইপিনে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত ৰাষ্ট্ৰপতিয়ে আজি অধিসূচনা জাৰি কৰাৰ বাবে তথা ইমান এটা ডাঙৰ কাম সফলতাৰে সম্পন্ন হোৱা বাবে ঢেকীয়াখোৱা বৰনামঘৰত ভগৱানৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জনাই বন্তি প্ৰজ্বলন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ৷ অনতি পলমে উজনি অসমৰ আয়ুসৰেখা চাৰিলেনযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখযোগ্য যে, নামঘৰত নেদেখাজনৰ চৰণ চুই সেৱা লোৱাৰ লগতে স্থানীয় প্ৰতিটো সমস্যা অনতি পলমে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে মুখ্য়মন্ত্ৰী শৰ্মাই । লগতে নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ যো জা চলোৱাৰ বাবে টীয়কৰ এই মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰক অন্য এক মাত্ৰাৰে ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: Independence Day boycott: স্বাধীনতা দিৱস বৰ্জন শিৱসাগৰৰ মুক্তি যুঁজাৰু সন্মিলনীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.