ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ মুকলি - অসম কৃষি বিশ্ববিদ্যালয়

অসম কৃষি বিশ্ববিদ্যালয়ত সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ মুকলি । কৃষি বাণিজ্য বুদ্ধিমত্তা প্ৰতিষ্ঠান আৰু উ:পূ: কৃষি জৈৱ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ ।

অসম কৃষি বিশ্ববিদ্যালয়ত সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ মুকলি

author img

By

Published : Feb 22, 2021, 5:53 PM IST

যোৰহাট, ২২ ফেব্ৰুৱাৰী: যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত নিৰ্মাণ হোৱা সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনটো সোমবাৰে আনুষ্ঠানিকভাবে মুকলি কৰা হয় । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অৰ্থসাহাৰ্যৰে নিৰ্মাণ কৰি উলিওৱা এই কেন্দ্ৰটো আনুষ্ঠানিকভাবে মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ উপস্থিতিত সমন্বিত পাম পদ্ধতি গৱেষণা প্ৰকল্পৰ মুখ্য শস্যবিজ্ঞানী ড° কৰুণাকান্ত শৰ্মাই আঁত ধৰা এক অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি ভৱনটো মুকলি কৰা হয় । তদুপৰি বিশ্ববেংকৰ অৰ্থসাহাৰ্য্যৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত নিৰ্মাণ হ'বলগীয়া কৃষি বাণিজ্য বুদ্ধিমত্তা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে গোস্বামীয়ে । এই অনুষ্ঠানৰ আঁত ধৰে কৃষি অৰ্থনীতি বিভাগৰ অধ্যাপক ড° ৰমেণ শৰ্মাই ।

অসম কৃষি বিশ্ববিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয়

আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উ:পূ: কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে অধ্যক্ষগৰাকীয়ে । তদুপৰি এই অনুষ্ঠানৰ লগতে ঘাহ শস্য প্ৰদৰ্শন আৰু জনজাতি উপ-আঁচনিৰ সৰ্বভাৰতীয় সমন্বয়ৰক্ষী ঘাহ শস্য গৱেষণা কেন্দ্ৰৰ অধীনত ৰাজ্যৰ নিৰ্বাচিত প্ৰগতিশীল কৃষকক স্প্ৰে মেছিন আৰু কৃষি সজুলি বিতৰণ কৰা হয় । সৰ্বভাৰতীয় সমন্বয়ৰক্ষী ঘাহ শস্য গৱেষণা কেন্দ্ৰৰ মুৰব্বী ড° সেউজী বৰা নেওগে আঁত ধৰা অনুষ্ঠানত কৃষি সজুলিসমূহ বিতৰণ কৰে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । এই উপলক্ষে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অধ্যক্ষ গৰাকীয়ে কয় যে অসম কৃষি বিশ্ববিদ্যালয়ক লৈ তেখেতে সদায় এক গৌৱৰ অনুভৱ কৰে । জন্মৰে পৰা এই বিশ্ববিদ্যালয়ৰ সৈতে তেওঁৰ সম্পৰ্ক আছে আৰু এই বিশ্ববিদ্যালয়ে ৰাজ্যৰ সামগ্ৰিক কৃষি উন্নয়নৰ দিশত আগবঢ়োৱা অৱদানৰ কথা সকলোৱে শ্ৰদ্ধাৰে সোৱৰণ কৰিব লাগে ।

অসম কৃষি বিশ্ববিদ্যালয়ত সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ মুকলি
অসম কৃষি বিশ্ববিদ্যালয়ত সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ মুকলি

বিশ্ববিদ্যালয়ৰ উত্তৰণৰ দিশত তেখেত সচেষ্ট বুলি মত ব্যক্ত কৰে । বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰ্পণ কুমাৰ শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত ভাষণ আগবঢ়াই উপাচাৰ্য ড° ডেকাই বিশ্ববিদ্যালয়ক লৈ তেওঁ দেখা সপোন আৰু পৰিকল্পনাৰ বিষয়ে বাখ্যা আগবঢ়ায় কয় যে কৃষিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ যি ধাৰণা তাক বাস্তৱায়িত কৰিবৰ বাবে এক অভিলাসী পৰিকল্পনা হাতত লোৱা হৈছে । কৃষকৰ আয় দুগুণ কৰি এই দিশত আগবঢ়াই নিয়াৰ বাবে সমন্বিত পাম পদ্ধতিৰ সম্প্ৰসাৰণৰ ওপৰতো অধিক গুৰুত্ব দিয়া হৈছে ।

যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য্য, কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিজ্ঞানগুৰু ড° প্ৰণতি দাস, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড° অজিত বৈশ্য, উ:পূ: কৃষি জৈৱপ্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত শৰ্মা, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা, সহযোগী গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়া, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, চিফ লাইব্ৰেৰীয়ান ড° চন্দন হাজৰিকা, নেইষ্টৰ প্ৰাক্তন বিজ্ঞানী ড° পৰাণ বৰুৱাৰ লগতে বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: ধেমাজিৰ বিশাল জন সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.