ETV Bharat / state

দুদিনৰ পাছতেই আইনত পৰিণত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক , 2016 - কেব বিৰোধী আন্দোলন

মাত্ৰ দুটা দিনৰ পাছতেই সংসদৰ মজিয়াত গৃহীত হৈ আইনত পৰিণত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ৰাজ্যসভাত এই বিধেয়কক সমৰ্থন জনাব অসম গণ পৰিষদে ৷ ক্ষোভত ৰাজ্যৰ জনসাধাৰণ ৷ ইমানৰ পাছতো বিজেপি নেতৃত্বৰ মন্তব্য , কেব বিৰোধী আন্দোলন হোৱা নাই তীব্ৰতৰ ৷

cab protest over all
দুদিনৰ পাছতেই আইনত পৰিণত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক , 2016
author img

By

Published : Dec 7, 2019, 10:17 PM IST

নিউজ ডেক্স, 07 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন হ'বলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ অসমীয়া ৰাইজৰ চৰম অসন্তুষ্টি আৰু প্ৰতিবাদক গুৰুত্ব নিদি বিধেয়ক খন আইনত পৰিণত কৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ ৷ মাত্ৰ এটা দিনৰ পাছতেই বিধেয়ক খনে অনুমোদন পাব লোকসভাত ৷ তাৰ পাছতেই 10 ডিচেম্বৰত ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰি আইনত পৰিণত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ৰাজ্যসভাত এই বিধেয়কক সমৰ্থন জনাব বিদেশীৰ বিৰুদ্ধে এসময়ত আন্দোলন কৰা দল অসম গণ পৰিষদে ৷ যাৰ বাবে এতিয়া ৰাইজৰ ৰোষত পৰাৰ ভয়ত নিজ সমষ্টিতে পলাই ফুৰিব লগা হৈছে অগপৰ মন্ত্ৰী বিধায়ক ৷ বঙাইগাঁৱত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ গৈ পলায়ন কৰিব লগা হ'ল মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

কেবৰ বিৰুদ্ধে ৰাজপথত অসমীয়া ৷ ক্ষোভিত অসমীয়াই চিঞৰি চিঞৰি কৈছে কেব আমি নামানো , অসমে আৰু বাংলাদেশীৰ বোজা গ্ৰহণ কৰিব নোৱাৰে ৷ আনহাতে মুখ্যমন্ত্ৰী তথা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ অসম আৰক্ষীলৈ স্পষ্ট নিৰ্দেশনা কঠোৰ হাতেৰে বাধা দিব কেব বিৰোধী প্ৰতিবাদ ৷ প্ৰয়োজনত লাঠী চালনাৰ বাবেও অসম আৰক্ষীক সাজু হ'বলৈ দিয়া হৈছে নিৰ্দেশ ৷ এনে পৰিস্থিতিত এফালে কেবৰ বিৰুদ্ধে খিলঞ্জীয়া অসমীয়া , আনহাতে কেব বিৰোধী আন্দোলন দমন কৰিবলৈ সাজু প্ৰশাসন ৷

অসম চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে কেব বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলিও দিছিল নিৰ্দেশনা ৷ কিন্তু চৰকাৰী নিৰ্দেশনাক নামানি জাতীয় স্বাৰ্থত শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰেণী কোঠা বৰ্জন কৰি কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শিক্ষাৰ্থী ৷ তাৰ পাছতেই এখনৰ পাছত আন খন শিক্ষানুষ্ঠানত এতিয়া প্ৰৱশ নিষিদ্ধ হৈছে বিজেপি আৰু অগপৰ নেতৃত্বৰ ৷ এয়া গোলাঘাটৰ কমল দুৱাৰা মহাবিদ্যালয়ৰ দৃশ্য ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে দেৰগাঁৱৰ আকাশ বতাহ ৷ একেদৰে শিৱসাগৰ মহাবিদ্যালয় , ধেমাজিৰ মৰিধল মহাবিদ্যালয় ,পূৱ কামৰূপ মহাবিদ্যালয় , নাৰেংগী মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ আনহাতে গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয় আৰু হেমপ্ৰভা বৰবৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয় ছাত্ৰ ছাত্ৰী ৷

দুদিনৰ পাছতেই আইনত পৰিণত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক , 2016

আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি দাহ কৰে কেবৰ প্ৰতিলিপি ৷ একেদৰে বৰপেটা , নলবাৰী, যোৰহাট, জোনাই , নগাঁও , লখিমপুৰ আৰু তেজপুৰত সংগঠনটোৱে কলা পতাকা আৰু অদ্ধ উলংগ হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ বদৰপুৰ , ধনশিৰি , মৰাণকে ধৰি অন্যান্য প্ৰান্ততো আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ গুৱাহা়টীতো সদৌ অসম সংখ্যালঘু ছাত্ৰই গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ বুদ্ধিজীৱি সমাজে ৷ ডিমা হাচাও জিলাতো কংগ্ৰেছে কেব বাতিলৰ দাবীৰে ৰূপায়ন কৰে অনশন কাৰ্যসূচী ৷ 10 ডিচেম্বৰত নেছ'ৰ আহ্বানত জনোৱা উত্তৰ পূব বন্ধক ডিমা হাচাও জিলা কংগ্ৰেছে সমৰ্থন জনাব বুলি প্ৰকাশ কৰে দলৰ নেতৃত্বই ৷

ইমানৰ পাছতো বিজেপিৰ নেতৃত্বই সঘনাই কৈ আছে ৰাজ্যত কেব বিৰোধী আন্দোলন হোৱা নাই তীব্ৰতৰ ৷ ইয়াৰ জৰিয়তে বিজেপিৰ নেতৃত্বই সমগ্ৰ অসমীয়া ৰাইজৰ আৱেগ আৰু অধিকাৰক কোনো কাৰণতে যে গুৰুত্ব দিয়া নাই সেয়া স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক , "আকৌ শৰাইঘাটলৈ" যোৱাৰ আহ্বান গুৱাহাটী বিশ্ববিদ্যালয়ৰ

Intro:বিজেপিৰ প্ৰবেশ নিষিদ্ব কৰিলে DKD কলেজত Body:slug -- dergaon dkd protibad

কেবৰ বিৰুদ্ধে DKD কলেজ ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ
----------------------------------------------
DKD কলেজত নিষিদ্ধ BJP নেতাৰ প্ৰৱেশ 
----------------------------------------------

OCVO -- ৰাজ্য জুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ । এই মূহুতৰ্ত কেবৰ বিৰুধীতাৰে ৰাজ পথলৈ ওলাই আহিছে দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাবস্ত কৰে DKD কলেজৰ ছাত্ৰ সমাজে । সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী শ্লগানেৰে কপাই তোলে দেৰগাৱঁৰ আকাশ বতাহ । কেবৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত DKD কলেজত বিজেপি নেতাৰ প্ৰৱেশ নিসিদ্ধ কৰে মহাবিদ্যালয় খনৰ ছাত্ৰ সমাজে ।

byte - প্ৰতিবাদকাৰী 

Conclusion:অব্যাহত থাকিব প্ৰতিবাদ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.