ETV Bharat / state

আৰক্ষীক প্ৰহাৰ কৰি ৰঙা ঘৰত সোমাল বিএচএফ জোৱান - criminal mindset

টীয়কত কৰ্তব্যৰত আৰক্ষীক মাৰধৰ কৰি তিনি অভিযুক্ত ৰঙা ঘৰলৈ ৷ এখন মটৰ চাইকেলত l তিনিজন উঠি নিয়ম ভংগ কৰাত আৰক্ষীৰ বাধা লাভ কৰি আৰক্ষীৰ যোৱানক মাৰ ধৰ কৰিলে তিনিও ৷ অভিযুক্তৰ মাজৰে এজন বিএচএফ জোৱান হোৱাৰ ঘটনাই বহন কৰিছে তাৎপৰ্য ৷

bsf jawan got arrested after assaulting on duty police
কৰ্তব্যৰত আৰক্ষীক মাৰপিট কৰি ৰঙা ঘৰৰ আলহী হ’ল বিএচএফ জোৱান সহ তিনিজন
author img

By

Published : Jun 12, 2021, 10:54 PM IST

টীয়ক, 12 জুন : ৰাজ্যত এচাম লোকৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(criminal mindset) ৷ এইচাম অপৰাধ প্ৰৱণ মানসিকতাৰ লোকৰ পৰা সাৰি যোৱা নাই চিকিৎসক তথা আৰক্ষী প্ৰশাসনৰ লোকো ৷ ৰাজ্যত চলি থকা কৰ’ণা পৰিস্থিতিৰ মাজতো ৰাইজৰ সেৱা কৰি থকা লোক সকলোকে এচামে লক্ষ্য কৰি লৈ আক্ৰমণ কৰাৰ ঘটনাও সংঘটিত হৈছে ৷

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীত কৰ্তব্যৰত অৱস্থাত এজন আৰক্ষীক বিএচএফৰ জোৱান পৰমা গগৈৰ লগতে তেওঁৰ বন্ধু কুসুম গগৈ আৰু জ্ঞানদীপ হাজৰিকাই মাৰধৰ কৰে । জানিব পৰা মতে, মদ্যপান কৰি তিনিও এখন মটৰ চাইকেলত গৈ থকা অৱস্থাত আৰক্ষীয়ে সোধপোচৰ বাবে ৰখোৱাত খৰ্গহস্ত হৈ আক্ৰমণ কৰে কৰ্তব্যৰত আৰক্ষীক ।

দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় প্ৰণৱ গগৈ নামৰ আৰক্ষী জোৱান জন। অৱশ্যে, এই ঘটনাৰ পিছতে টীয়ক আৰক্ষী(teok police)য়ে অভিযুক্ত তিনিওকে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক : কৰ'ণাৰ কৰাল গ্ৰাসত টেণ্ট হাউচৰ ব্যৱসায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.