ETV Bharat / state

Naga aggression in Border : চৰকাৰে আজিও নিৰ্মাণ নকৰিলে সীমান্ত নিৰীক্ষণ চকী - সীমান্ত সমস্যা ৰোধত ব্যৰ্থ অসম চৰকাৰ

অসমৰ সীমান্তত নগাৰ আগ্ৰাসন গুৰুতৰ সমস্যা (Naga aggression in Border) হিচাপে দীৰ্ঘদিনে চিহ্নিত হৈ আহিছে ৷ তাৰপিছতো কিন্তু সু-ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷ এই সমস্যা ৰোধৰ বাবে সীমান্তত অসম আৰক্ষীৰ নিৰীক্ষণ চকী স্থাপনৰ কাম আৰম্ভ হোৱাৰ কথা আছিল যদিও সেয়া প্ৰকৃততে হৈ নুঠিল ৷

border-surveillance-post-not-constructed-by-government-after-naga-aggression-in-border
চৰকাৰে আজিও নিৰ্মাণ নকৰিলে সীমান্ত নিৰীক্ষণ চকী
author img

By

Published : Jan 27, 2022, 1:21 PM IST

যোৰহাট, 27 জানুৱাৰী : অসমৰ সীমান্তত প্ৰায়ে নগাৰ আগ্ৰাসন (Naga aggression in Border)ৰ খবৰে সংবাদ শীৰ্ষ দখল কৰি আহিছে ৷ এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰিছে যদিও লাভ কৰা নাই সুফল ৷ কিন্তু ৰাজ্য চৰকাৰে সীমান্তত অসম আৰক্ষীৰ নিৰীক্ষণ চকী (BOP in Assam Nagaland Border) স্থাপনৰ সিদ্ধান্ত লৈছিল, যদিও সেয়া আজিলৈকে ফলপ্ৰসূ নহ’ল ৷

চৰকাৰৰ হেমাহিয়ে হওক নাইবা সদিচ্ছাৰ অভাৱে হওক, মুঠতে এই নিৰীক্ষণ চকীৰ নিৰ্মাণৰ কাম আৰম্ভ নহ’ল ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বাবে প্ৰথমে উৎফুল্লিত হৈছিল সীমান্তবাসী ৷ বিশেষকৈ মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নকছাৰী মগৈ গাঁৱত বিগত 2017 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সীমান্ত নিৰীক্ষণ চকী স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল ৷ যাৰ বাবে শ্বহীদ পৰিয়ালে ইয়াৰ বাবে দান দিছিল ভূমি ৷ পৰৱৰ্তী সময়ত চৰকাৰৰ এই ঘোষণা, ঘোষণা হৈয়ে ৰোৱা পৰিলক্ষিত হ’ল ৷

সীমান্তবাসীৰ ক্ষোভ

বিষয় সন্দৰ্ভত অলপ বিতংভাৱে জানিবলৈ খুজিলে আমি দেখিম যে, মগৈ গাঁৱৰ অসম আন্দোলনৰ শ্বহীদ নবীন গগৈৰ পৰিয়ালে সীমান্ত অসম আৰক্ষী চকীৰ স্থাপনৰ বাবে নিজৰ ম্যাদী পট্টাৰ দুবিঘা ভূমি দান কৰে ৷

কিন্তু কাষৰীয়া চেয়াৰমেন বস্তিৰ কেইজনমান নগালোকে উক্ত ভূমি নগাৰ বুলি দাবী কৰি ভাবুকি প্ৰদান কৰাৰ পাছতে এই কাম আধৰুৱা হৈ পৰে ৷ এই সীমান্ত আৰক্ষী চকীৰ বাংকাৰ নিৰ্মাণৰ পাছতো একমাত্ৰ নগাৰ ভাবুকিত সেও মানি চকী স্থাপনৰ কাম স্থগিত ৰাখে বুলি অভিযোগ উত্থাপন কৰিছে ভূমিদাতাৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ৷

যাৰ বাবে মগৈ গাঁৱৰ মাজতে কেম্পটো স্থাপন কৰিবলগীয়া হয় ৷ এইক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে অসমৰ ম্যাদী পট্টা ভূমিতে সীমান্ত আৰক্ষী চকী স্থাপন কৰিবলৈ গৈ ব্যৰ্থ হোৱা কাৰ্যক লজ্জাজনক তথা পুতৌজনক বুলি আখ্যা দিছে সীমান্তবাসীয়ে ৷ এই সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে সীমান্তৱৰ্তী ৰাইজে ৷

লগতে চাওক: Covid 19 Update in Assam : অসমত যোৱা 24 ঘন্টাত 21 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.