ETV Bharat / state

টীয়কত ৰক্তদান শিবিৰ : 50 ৰো অধিক লোকৰ ৰক্তদান

প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 96 তম জন্ম বাৰ্ষিকী উপলক্ষে টীয়কত ৰক্তদান শিবিৰৰ আয়োজন ৷ বেচৰকাৰী সংস্থা সুবাসৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ৷

blood donation camp at teok
টীয়কত ৰক্তদান শিবিৰ
author img

By

Published : Dec 25, 2020, 2:24 PM IST

টীয়ক, 25 ডিচেম্বৰ : বেচৰকাৰী সংস্থা সুবাসৰ উদ্যোগত আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত শুকুৰবাৰে টীয়কৰ বৰা বজাৰত এক ৰক্তদান শিবিৰ আয়োজন কৰা হয় ৷ ভাৰতৰত্ন তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে এই টীয়কত এই ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ৷ জানিব পৰা মতে বৰ্তমানলৈকে প্ৰায় 50 ৰো অধিক লোকে স্বেচ্ছাই ৰক্তদান কৰিছে আৰু শিবিৰৰ সামৰণি পৰ্যন্ত 150 ৰো অধিক লোকে ৰক্তদান কৰিব বুলি জানিব পৰা গৈছে ৷

blood donation camp at teok
50 ৰো অধিক লোকৰ ৰক্তদান

সুবাসৰ সম্পাদক বিশ্বজিত বৰুৱাই জানিবলৈ দিয়ে যে ক'ভিডৰ এই সময়ছোৱাত ৰোগীসকলে ৰক্তৰ অভাৱত যি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰৰ এই পবিত্ৰ দিনটোত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ উক্ত শিবিৰত টীয়কৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, দল সংগঠনৰ লগতে যুৱনেতা শান্তনু দত্ত উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

লগতে পঢ়ক:দুবছৰীয়া হ'ল হেঁপাহৰ সেতু বগীবিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.