ETV Bharat / state

Maha Jansampark Abhiyan: অসমৰ বান সমস্যাক লৈ সৰ্বাধিক চিন্তিত কেন্দ্ৰ; নলিন কোহলি

author img

By

Published : Jun 26, 2023, 6:48 PM IST

বিজেপিৰ নবছৰীয়া উন্নয়নৰ বাৰ্তা বিলাবৰ বাবে সোমবাৰে যোৰহাটত উপস্থিত হয় গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা দেশৰ অন্যতম আইনজীৱী নলিন কোহলি ৷ 70 বছৰে নোহোৱা কাম যোৱা 9 বছৰে উত্তৰ-পূবত সাধন হৈছে বুলি মন্তব্য মুখপাত্ৰগৰাকীৰ ৷

Maha Jansampark Abhiyan
BJP national Spokesperson Nalin Kohli

যোৰহাটত উপস্থিত নলিন কোহলি

যোৰহাট, 26 জুন: নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে কেন্দ্ৰত 9 বছৰ অতিক্ৰম কৰিলে ৷ মোদী চৰকাৰৰ 9 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপি দলে আৰম্ভ কৰিছে জনসম্পৰ্ক যাত্ৰা ৷ নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা 9 বছৰে সাধন কৰা উন্নয়নৰ খতিয়ানসমূহ দেশৰ প্ৰতিটো প্ৰান্তৰ জনতাক অৱগত কৰোৱাৰ উদ্দেশ্যেই আৰম্ভ কৰা হৈছে এই কাৰ্যসূচী ৷ দেশৰ আন প্ৰান্তৰ লগতে অসমতো এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷

যোৰহাটত বিভিন্নজন লোকক সাক্ষাৎ কৰি বিজেপিৰ উন্নয়নৰ বাৰ্তা বিলালে বিজেপিৰ মুখপাত্ৰ তথা দেশৰ প্ৰখ্যাৎ আইনজীৱী নলিন কোহলিয়ে ৷ যোৰহাট জিলাৰ কেইবাগৰাকীও সাহিত্যিক, আইনজীৱী আৰু ব্যৱসায়ীক সাক্ষাৎ কৰি জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে প্ৰকাশিত পুস্তিকা প্ৰদান কৰে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নলিন কোহলিয়ে কয় যে, অসম বান সমস্যাক লৈ কেন্দ্ৰ অধিক চিন্তাশীল ৷ এই বান সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ইতিমধ্যে বাৰ্তালাপ কৰিছে । পূৰ্বে কোনো দিনে নোহোৱা কাম-কাজ তথা উন্নয়ন অসম তথা উত্তৰ-পূবত আৰম্ভ হৈছে ৷ অৰ্থাৎ 70 বছৰে নোহোৱা কাম আৰম্ভ হৈছে পূৰ্বোত্তৰত ।

লগতে পঢ়ক: BJP maha jansampark abhiyan: মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলি

আনহাতে, কাষৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ সন্দৰ্ভত কোহলিয়ে কয় যে, কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰে আলোচনা মাজেৰে সীমা সমস্যা সমাধান কৰাত গুৰত্ব দিছে আৰু বহু পৰিমাণে সীমা সমস্যা সমাধানো হৈছে । আলোচনাৰ মাজেৰে মেঘালয় আৰু অৰুণাচল মাজত সীমা সমস্যা সমাধান বহু পৰিমাণে হৈছে বুলি ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে ৷ তেওঁ পুনৰ কয় যে, উত্তৰ-পূব উন্নয়ন আৰু বিকাশৰ বাবে পুঁজি আহি আছে আৰু আহি থাকিব ।

উল্লেখ্য যে, বিজেপিয়ে জনসম্পৰ্ক অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন ৰণডংকা বজোৱাৰ এক কৌশল গ্ৰহণ কৰিছে । বিজেপিৰ এই জনসম্পৰ্ক অভিযানে 2024 চনৰ লোকসভা নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.