ETV Bharat / state

মৰিয়নীত বিজেপিৰ সভাত নিৰুদ্দেশ ক’ভিড নীতি - শীৰ্ষ কংগ্ৰেছ

দেওবাৰে মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰাৰ পাচতে প্ৰথম খন দলীয় সভা অনুষ্ঠিত হয় মৰিয়নীত । বিগত সময়চোৱাত কংগ্ৰেছৰ অভেদ্য দুৰ্গ হিচাপে জনাজাত মৰিয়নী সমষ্টিত এতিয়া যেন কেৱল নামটোহে ৰৈছে গৈ কংগ্ৰেছৰ ৷

bjp_members_joinnig_program
কংগ্ৰেছ বিহীন হ’ল মৰিয়নী
author img

By

Published : Jul 4, 2021, 5:58 PM IST

যোৰহাট, 4 জুলাই : 2021ত ৰাজ্যত বিজেপিয়ে দ্বিতীয় বাৰৰ বাবে শাসন দখল কৰিলে মিত্ৰজোঁটৰ সহায়ত ৷ বিধ্বস্ত হৈ পৰিল কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁট ৷ তাৰ পাচতে ৰাজ্য ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তন হোৱা দেখিৱলৈ পোৱা গৈছে ৷ কেইবা গৰাকী শীৰ্ষ কংগ্ৰেছ নেতাই দলৰ সভাপতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰিছে ৷

bjp_members_joinnig_program
কংগ্ৰেছ বিহীন হ’ল মৰিয়নী

কংগ্ৰেছ এৰি বিজেপিলৈ গমন কৰা সকলৰ ভিতৰত অন্যতম আছিল মৰিয়নি সমষ্টিৰ পৰা চতুৰ্থ বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মী ৷ দেওবাৰে মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰাৰ পাচতে প্ৰথম খন দলীয় সভা অনুষ্ঠিত হয় মৰিয়নীত । মৰিয়নীৰ বাপুজি খেলপথাৰত অনুষ্ঠিত এই সভাত কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী সঞ্জয় কৃষাণ, সাংসদ পল্লৱ লোচন দাস, সাংসদ তপন কুমাৰ গগৈকে প্ৰমুখ্য কৰি বহুকেইজন বিজেপিৰ বিধায়কৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ বহু কেইজন নেতা উপস্থিত থাকে ।

কংগ্ৰেছ বিহীন হ’ল মৰিয়নী

উল্লেখযোগ্য যে, এই সভাত প্ৰায় দুহেজাৰৰো অধিক ৰূপজ্যোতি কুৰ্মীৰ সমর্থকে বিজেপিত যোগদান কৰাৰ কথা আছিল যদিও যোৰহাট জিলাৰ ক’ভিড সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে মাত্ৰ দহজন লোকৰ উপস্থিতি থকাৰ অনুমতি দিছিল । কিন্ত জিলা প্ৰশাসনৰ নিষেধআজ্ঞাৰ পাছতো কেইবাশতাধিক লোক এই সভাত উপস্থিত থকাৰ উপৰিও শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে বিজেপিত ।

মনকৰিবলগীয়া যে, এই সভাত মৰিয়নীৰ কংগ্ৰেছৰ বহু কেইজন পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে জিলা পৰিষদৰ দুগৰাকী সদস্যই বিজেপিত যোগদান কৰাৰ ফলত একপ্ৰকাৰৰ কংগ্ৰেছ শূণ্য হ’ল মৰিয়নী । প্ৰশাসনৰ ক’ভিড নীতি নিদেৰ্শনাক উলংঘা কৰি চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী উপস্থিত থাকি এনেদৰে জনসমাগম কৰা কাৰ্যই সম্প্ৰতি মৰিয়নিত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়কঃ অসম আৰক্ষীক গুলিয়াই হত্যাৰ ভাবুকি আগ্ৰাসী মিজোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.