ETV Bharat / state

সংবাদমেলৰ জৰিয়তে নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা বিজেপি নেতা দুলেন নায়কৰ - বিজেপি নেতা দুলেন নায়কৰ সংবাদমেল

বিজেপি নেতা তথা চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ ব'ৰ্ডৰ তিতাবৰ মহকুমাৰ অধ্যক্ষ দুলেন নায়কৰ শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন ৷ সীমাহীন দুৰ্নীতি বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ হোৱাৰ পিছতে নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা কৰে বিজেপি নেতাজনে ।

সংবাদমেলৰ জৰিয়তে নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা বিজেপি নেতা দুলেন নায়কৰ

author img

By

Published : May 22, 2020, 9:39 PM IST

যোৰহাট, 22 মে’: বিজেপি নেতা তথা চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ ব'ৰ্ডৰ তিতাবৰ মহকুমাৰ অধ্যক্ষ দুলেন নায়কৰ সীমাহীন দুৰ্নীতি বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ হোৱাৰ পিছতে শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা কৰে বিজেপি নেতাজনে ।

সংবাদমেল সম্বোধন কৰি বিজেপি নেতাজনে উল্লেখ কৰে যে, শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন চৰকাৰী ধন কোনো বিজেপি নেতাই ভাগ লোৱা নাই ।আনহাতে হিতাধিকাৰীৰ চুড়ান্ত তালিকাও প্ৰকাশ হোৱা নাই । উল্লেখযোগ্য যে, শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনিৰ বাবে নিৰ্বাচিত হোৱা হিতাধিকাৰীৰ চুড়ান্ত তালিকা এতিয়াও সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশ হোৱাই নাই আৰু আঁচনিৰ ধনো এতিয়ালৈকে মোকলাই দিয়া নাই । তেনে ক্ষেত্ৰত শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজনৰ ধনৰাশি হিতাধিকাৰী বেংকৰ একাউণ্টত সোমোৱা কথা গোকাট মিছা বুলি তেওঁ সদৰী কৰে ।

সংবাদমেলৰ জৰিয়তে নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা বিজেপি নেতা দুলেন নায়কৰ

ইয়াৰোপৰি তিতাবৰ মহকুমাৰ চাহ জন-জাতি কল্যাণ বিভাগৰ অধ্যক্ষগৰাকীয়ে 2019-20 বৰ্ষৰ শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনিৰ কোনো সুবিধা লাভ কৰা নাই । ইতিমধ্যে প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱা হিতাধিকাৰি ক্ৰ.নম্বৰ 6892 বিপৰীতে ইউনিয়ন বেংকৰ মৰিয়নী শাখাৰ 7348002010000930 একাউণ্ট নম্বৰটো বিজেপি নেতাজনৰ নহয় । যদি হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ প্ৰমাণ 24 ঘন্টাৰ ভিতৰত দিব পাৰে তেন্তে ৰাজনৈতিক জীৱন ত্যাগ কৰাৰ হুংকাৰ দিয়ে দুলেন নায়কে ।

লগতে পঢ়ক: ডিফুত প্ৰায় ৬ লাখ টকাৰ অবৈধ গুটখা জব্দ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.