যোৰহাট, ৮ অক্টোবৰ: যোৰহাটৰ ৰজাহাউলীৰ বৰনামঘৰত তিনদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱ জন্মোৎসৱ পালন কৰা হয় (Birth anniversary of Sankardev at Barnamghar)। এই উপলক্ষে শনিবাৰে ভক্তিৰসৰ গাঁৱৰ মাজেদি ভাগৱত পৰিভ্ৰমণ কৰি ৰাইজৰ দ়ৃষ্টি আকৰ্ষণ কৰে । উল্লেখ্য় যে প্ৰথম দিনা বন্তি প্ৰজ্বলন আৰু অধিবাস কীৰ্তনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয় ।
গুৰুজনাৰ জন্মোৎসৱৰ সৈতে সংগতি ৰাখি শংকৰী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ছাত্ৰ- ছাত্ৰী মাজত কুইজ, দিহানাম,বৰগীত, প্ৰাৰ্থনা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় । শনিবাৰে ভাগৱতসহ এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয় । উক্ত শোভাযাত্ৰাত শতাধিক লোকে অংশগ্ৰহণ কৰে । ইপিনে কালি অনুষ্ঠিত কুইজ ,দিহানাম, বৰগীত আদিৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় । নিশালৈ ৰজাহাউলী যুৱকসকলৰ সহযোগিতাত ভাগৱত মাহাত্ম্য গোকৰ্ণ ধুন্ধুকাৰী আখ্যান ভাওনাৰ আয়োজন কৰা হৈছে ।
উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) আছিল ১৫-১৬ শতিকাৰ এগৰাকী সাধু-পণ্ডিত, কবি, নাট্যকাৰ, নৃত্যশিল্পী, অভিনেতা, সংগীতজ্ঞ, শিল্পী, সামাজিক-ধৰ্মীয় সংস্কাৰক আৰু অসম তথা ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব (Assamese polymath Srimanta Sankardeva) । তেওঁক অতীতৰ লয় হ'ব ধৰা সাংস্কৃতিক পৰম্পৰাৰ পুনৰ নিৰ্মাণ কৰিছিল সংগীতৰ নতুন ৰূপ বৰগীতৰ প্ৰাণ প্ৰতিষ্ঠাৰে (Borgeet by Sankardeva) ।
নাট্য প্ৰদৰ্শনৰ অনন্য ৰূপ অংকীয়া নাট-ভাওনা (Sankardeva theatrical performance Ankia Naat), সত্ৰীয়া নৃত্য, সাহিত্যিক ভাষা ব্ৰজাৱলীৰ সৃষ্টিৰ বাবে তেওঁক বিশেষ কৃতিত্ব প্ৰদান কৰা হয় (Brajavali language developed by Sankardeva) । ইয়াৰ উপৰি তেওঁ সংস্কৃত, অসমীয়া আৰু ব্ৰজাৱলী ভাষাৰ সংমিশ্ৰণত লিখা শাস্ত্ৰ ভাগৱত, কবিতা আৰু ধৰ্মীয় ৰচনাসমূহৰ এক বিস্তৃত সাহিত্যিক সম্ভাৰৰ অৱদান আগবঢ়াই থৈ গৈছে ।তেওঁ আৰম্ভ কৰা ভাগৱতী ধৰ্মীয় আন্দোলন (Bhagavatic religious movement), একশৰণ ধৰ্ম- যাক নৱ-বৈষ্ণৱ আন্দোলন (Neo Vaishnavite movement) বুলিও কোৱা হয়,