ETV Bharat / state

বিনন্দ শৰ্মা পূজাৰীক শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা প্ৰদান

শ্ৰীশ্ৰী আউনীআটি সত্ৰত দেওবাৰে বিনন্দ শৰ্মা পূজাৰীক শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা প্ৰদান কৰা হয় (Damodar Dev Award 2022) । ১৮ হাজাৰ সংস্কৃত শ্লোক অসমীয়া গদ্য সাহিত্যলৈ অনুবাদ কৰাৰ বাবে এই বঁটাৰে বিভূষিত কৰা হয় বিনন্দ শৰ্মা পূজাৰীক ৷

author img

By

Published : Aug 28, 2022, 10:53 PM IST

Binond Sharma Pujari receives Damodar Dev Award
বিনন্দ শৰ্মা পূজাৰীক প্ৰদান শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা

টীয়ক, ২৮ আগষ্ট : নিজ প্ৰতিভাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়াই অসমীয়া সমাজখনত সাংস্কৃতিক, শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰা অসমৰ এজন বৰেণ্য সংস্কৃতিৰ সাধকক শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত প্ৰতিবছৰে শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা প্ৰদান কৰা হয় । ২০১২ বৰ্ষৰ পৰাই শ্ৰীশ্ৰী আউনীআটি সত্ৰই আগবঢ়াই আহিছে এই বঁটা ৷

শ্ৰীশ্ৰীদামোদৰ দেৱ বঁটা ২০২২ বৰ্ষত (Damodar Dev Award 2022) যোৰহাট জিলাৰ পকামৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক, অসমীয়া সংস্কৃতিৰ সাধক বিনন্দ শৰ্মা পূজাৰীক দেওবাৰে প্ৰদান কৰা হয় । উল্লেখ্য যে, ১৮ হাজাৰ সংস্কৃত শ্লোক অসমীয়া গদ্যলৈ ৰূপান্তৰিত কৰিছে বিনন্দ শৰ্মা পূজাৰীয়ে ।

স্বাভাৱিকতে এই বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰিছে বিনন্দ শৰ্মা পূজাৰী (Binonda Sharma Pujari receives Damodar Dev Award) ৷

শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ৰ’দালি সাহিত্য সভাৰ সম্পাদক প্ৰতাপ শৰ্মা, মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক ফটো সাংবাদিকতা বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.