ETV Bharat / state

Bihu Distortion in G20 Summit; G20 সন্মিলনত বিজেপিৰ মানুহক নচুৱাই অসমৰ বিহু নাচক বিকৃত কৰিছে BJP য়ে : ভূপেন বৰা - Bhupen Kumar Borah criticized Assam CM

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন ৰাজনৈতিক মুক্ত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু তেনে সময়তে আকৌ ৰাজনৈতিকভাৱে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিযুক্তি দিয়া হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । লগতে তেওঁ G20 সন্মিলনত অসমৰ বিহু নাচক বিকৃত ৰূপত প্ৰদৰ্শন কৰা কাৰ্যকো বিৰোধিতা কৰি কেতবোৰ মন্তব্য প্ৰদান কৰে ৷

Bihu Distortion in G20 Summit
ৰাজনৈতিক ভাবে বিশ্ববিদ্যালয় উপাচাৰ্যক নিযুক্তি দিয়া হৈছে:ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:27 PM IST

ৰাজনৈতিক ভাবে বিশ্ববিদ্যালয় উপাচাৰ্যক নিযুক্তি দিয়া হৈছে:ভূপেন বৰা

যোৰহাট, 9 ছেপ্টেম্বৰ : ‘‘সময় আৰু পৰিস্থিতি সাপেক্ষে চৰকাৰে সংশোধনী অনাটো ডাঙৰ কথা নহয় ৷ কিন্তু এতিয়ালৈকে বিধান সভা হোৱা নাই, প্ৰস্তাৱ উপস্থাপন হোৱাই নাই ৷ এতিয়াই মুখ্যমন্ত্ৰীয়ে আইন হ’ল বুলি ঘোষণা কৰাটো একনায়কত্ববাদ নহ’ল নে ? তেখেতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন ৰাজনৈতিক মুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খোদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ৰাজনৈতিকভাৱে নিযুক্তি প্ৰদান কৰিছে’’ ৷ সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয়, ‘‘অসমত গুণী জ্ঞানী ব্যক্তিৰ অভাৱ হোৱা নাই ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে অসম গুণী জ্ঞানী সমাজক উপহাস কৰি পাঁচজনকৈ উপাচাৰ্যক ৰাজনৈতিকভাৱে নিযুক্তি দি একনায়কত্ববাদ শাসন চলোৱা পৰিচয় দাঙি ধৰিলে । মুখ্যমন্ত্ৰীয়ে এই প্ৰথাৰ জৰিয়তে এয়াই প্ৰমাণ কৰিব বিচাৰিছে যে অসমত উপাচাৰ্য হ’ব পৰা উপযুক্ত ব্যক্তি অভাৱ ঘটিছে’’ ।

‘‘আনহাতে, বিধান সভাত আলোচনা নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে এখন আইন প্ৰণয়ন কৰিবলৈ খোজা কথাটো হাস্যকৰ আৰু এয়া একনায়কত্ববাদ বাহিৰে একো হ’ব নোৱাৰে ৷ এখন আইন প্ৰণয়নৰ বাবে সুস্থ আলোচনা আৰু বিৰোধীৰ আস্থা লোৱাটো নিতান্তই প্ৰয়োজন ৷’’ সংবাদ মাধ্যমৰ আগত এনেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ভূপেন বৰাই ।

এইবোৰৰ বাহিৰেও G20 সন্মিলনত অসমৰ বিহু নৃত্যক বিকৃত ৰূপত প্ৰদৰ্শন কৰা কাৰ্যকো বিৰোধিতা কৰে ৷ G20 সন্মিলনত অংশগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় সমুদায়ক আদৰণি জনোৱা নামত অসমৰ স্বাভিমানী প্ৰতীক বিহুক বিকৃত কৰাৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘সেয়া অসমীয়া ছোৱালীয়ে নচা নাই ৷ সেয়া কোনো বিজেপিৰ কোনোবা পৰিয়ালৰ লোককহে নচোৱালে ৷ অসমীয়া ছোৱালীয়ে বিহু নাচিব জানে’’ ।

লগতে তেওঁ বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে জাতি আৰু সংস্কৃতি বাদ দিছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ।

লগতে পঢ়ক : Bihu Distortion in G20 Summit : বিশ্ব সমুদায়ৰ সন্মুখত বিহু নৃত্যৰ বিকৃতকৰণ, মৌন মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.