ETV Bharat / state

Barshashree Buragohain summoned: 28 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই - UAPA

28 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই (Barshashree Buragohain summoned) ৷ আৰক্ষীয়ে বৰ্ষাশ্ৰীৰ বিৰুদ্ধে থকা গোচৰৰ চাৰ্জশ্বীট দাখিল কৰাৰ পাচতেই চমন জাৰি কৰিছে আদালতে ৷ জামিন লাভৰ পাচতেই বৰ্ষাশ্ৰীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাৰ কৰাৰ কথা উল্লেখ কৰিছিল আৰক্ষীয়ে ৷

Barshashree Buragohain summoned
28 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই
author img

By

Published : Feb 21, 2023, 6:53 PM IST

যোৰহাট, 21 ফেব্ৰুৱাৰী: বিপদে লগ এৰা নাই বৰ্ষাশ্ৰী বুঢাগোহাঁইক ৷ পূৰ্বৰ গোচৰত পুনৰ আদালতত হাজিৰ হোৱাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইলৈ ৷ 28 ফেব্ৰুৱাৰীত পুনৰ আদালতত হাজিৰ হ’ব লাগিব বৰ্ষাশ্ৰী (Barshashree Buragohain summoned) ৷ ইতিমধ্যেই বৰ্ষাশ্ৰীলৈ চমন জাৰি কৰিছে আদালতে ৷ আৰক্ষীয়ে বৰ্ষাশ্ৰীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও চাৰ্জশ্বীটহে দাখিল কৰিলে ৷ যাৰ বাবে বৰ্ষাশ্ৰীলৈ আদালতে প্ৰেৰণ কৰিছে চমন ৷ ইয়াকে লৈ এতিয়া পুনৰ চৰ্চালৈ আহিছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই (Barshashree Buragohain news update) ৷

স্মৰ্তব্য যে, সামাজিক মাধ্যমত বৰ্ষাশ্ৰীয়ে লিখা এটা প’ষ্টৰ বাবেই দুটা মাহতকৈও অধিক সময় বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন চমুকৈ UAPAৰ অধীনত কাৰাবাস খাটিব লাগিব লগা হৈছিল বৰ্ষাশ্ৰীয়ে ৷ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছিল 2022 চনৰ 18 মে’ত ৷ বৰ্ষাশ্ৰীক গোলাঘাট জিলা কাৰাগাৰত বন্দী কৰাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ সমান্তৰালভাৱে উঠিছিল বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবী ৷ UAPAৰ 10/13 ধাৰাত ৰুজু হৈ থকা গোচৰৰ বাবে কাৰাগাৰৰ পৰাই পৰীক্ষাত বহিব লগা হৈছিল বৰ্ষাশ্ৰী ৷

পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল বৰ্ষাশ্ৰীৰ জামিন (Barshashree Buragohain granted bail) ৷ লগতে জামিন লাভৰ পাচত নিজে কৰা ভুলৰ বাবে অনুতপ্ত হোৱা বুলিও স্বীকাৰ কৰিছিল বৰ্ষাশ্ৰীয়ে ৷ ইয়াৰ পাচতেই বৰ্ষাশ্ৰীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰক্ষীয়ে ৷ কিন্তু গোচৰ প্ৰত্যাহাৰ নকৰি আৰক্ষীয়ে দিলে চাৰ্জশ্বীট ৷

আৰক্ষীৰ এই সিদ্ধান্তক লৈ এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে বৰ্ষাশ্ৰীৰ পৰিয়ালৰ লগতে বৰ্ষাশ্ৰীৰ অধিবক্তাই ৷ আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰাৰ বাবেই এতিয়া বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ ইফালে আৰক্ষীয়ে গোচৰৰ প্ৰত্যাহাৰ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি ভুৱা আছিল বুলি মন্তব্য বৰ্ষাশ্ৰীৰ অধিবক্তাৰ ৷ সেয়া যি কি নহওক, এতিয়া বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ’বলৈ মানসিকভাৱে সাজু হৈছে বৰ্ষাশ্ৰী ৷ 28 ফেব্ৰুৱাৰীত দেউাতাকৰ সৈতে আদালতত হাজিৰ হ’ব বৰ্ষাশ্ৰী (Court notice to Barshashree) ৷

উল্লেখ্য যে, সামাজিক মাধ্যমত লিখা দুটামান বাক্যৰ বাবেই বুকু কঁপি উঠিছিল অসম আৰক্ষীৰ ৷ যাৰ বাবে এগৰাকী ছাত্ৰীক পৰীক্ষাৰ সময়তো কাৰাবন্দী কৰি ৰাখিবলৈ কুণ্ঠাবোধ নকৰিলে আৰক্ষীয়ে ৷ এই কথা উল্লেখ কৰা প্ৰয়োজন যে, গোলাঘাট আৰক্ষীয়ে সৰুপথাৰৰ এগৰাকী বান্ধৱীৰ গৃহৰ পৰা বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ ৷ কিন্তু 28 ফেব্ৰুৱাৰীত আদালতে কি ৰায় দিয়ে সেয়াহে হ’ব এতিয়া লক্ষ্যনীয় ৷

লগতে পঢ়ক: Barshashree Buragohain Granted Bail: বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক জামিন উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.