টীয়ক,১৩ জুন: এফালে তেজপুৰত অনুষ্ঠিত হোৱা কেবিনেটত কৌটি কৌটি টকাৰ বিভিন্ন অভিলাষী প্ৰকল্প গ্ৰহণ কৰাৰ কথা গৌৰৱে ঘোষণা কৰিছে শাসনাধিস্থ চৰকাৰখনে । আনফালে একে সময়তে ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ জাঁজীমুখত গাঠিৰ ধন ভাঙি ৰাইজে যাতায়তৰ বাবে নদীৰ ওপৰত দলং নিৰ্মাণ কৰি লবলৈ বাধ্য হৈছে(Bamboo bridge constructed by local people at Janjimukh inTeok) ।
টীয়কৰ জাঁজীমুখ কামান গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি খৰালি কালত নদীৰ এৰাসূঁতি আৰু বাৰিষা টুলুঙা নাৱে বেজৰচিগা-হাতীশাল সংযোগী পথলৈ যাতায়ত কৰিবলগীয়া হয় । গাওঁখনৰ প্ৰায় ৬০টা পৰিয়ালৰ ছাত্র ছাত্ৰী, প্ৰসূতি মাতৃ, গৰ্ভৱতী মহিলা সকলোৱে বিপদসংকূলভাৱেই পাৰ হ'ব লাগে নদীখন । ইফালে নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পালে পলায়ণ কৰিব লাগে গাঁৱৰ পৰা ।
সেয়েহে গাঁওখনৰ ৰাইজে প্ৰতিটো পৰিয়ালৰ পৰা দুই এপইচাকৈ তুলি জাঁজীনদীৰ এৰাসূঁতিৰ ওপৰত বাঁহ আৰু কাঠেৰে নিৰ্মিত দলংখনৰ দেওবাৰে শুভ উদ্বোধন কৰে অঞ্চলটোৰ সচেতন ব্যক্তি তথা প্ৰকৃতি প্ৰেমী ললিত টাইডে । টীয়ক আঞ্চলিক ছাত্র সন্থাৰ সভাপতি পাপু কলিতা উপস্থিত থকা আৰু সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে নামঘৰীয়া সুন্দৰ পেগুৱে ।
লক্ষণীয় যে বিজেপিৰ সাংসদ, মিত্ৰ জোঁটৰ বিধায়ক থকাৰ পিছতো ৰাইজে এনেদৰে গাঁঠিৰ ধন ভাঙি দলং নিৰ্মাণ কৰিব লগা বিষয়টোৱে চৰকাৰখনৰ বিফলতাকে প্ৰতিফলন কৰিছে বুলি অঞ্চলটোৰ সচেতন ৰাইজে দাবী কৰিছে ।
লগতে পঢ়ক: বৰপেটাৰ শংকৰদেৱ সমাজৰ ৭৭ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন