ETV Bharat / state

ATPA football tournament: যোৰহাটত ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতা আৰম্ভ - Football tournament in Assam

যোৰহাটত আৰম্ভ হৈছে 57 সংখ্যক এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই টুৰ্ণামেন্টত আজি মুখামুখি হৈছে যোৰহাট টাউন ক্লাৱ বনাম ৱেক আপ গায়জ ডিব্ৰুগড় (ATPA football tournament in Jorhat) ৷

ATPA football tournament
ATPA football tournament
author img

By

Published : Mar 31, 2023, 10:40 PM IST

এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা আৰম্ভ

যোৰহাট, 31 মাৰ্চ: যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 57 সংখ্যক এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা বৃহস্পতিবাৰৰ পৰা নৈশলোকত অনুষ্ঠিত হয় । জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে আঁতধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে । বাঁহী সাংস্কৃতিক অনুষ্ঠান দ্বাৰা শুভাৰম্ভ কৰা সাংস্কৃতিক অনুষ্ঠানৰ পাচতেই ফ্লাড লাইটৰ শুভাৰম্ভ কৰে যোৰহাট জিলা উপায়ুক্ত পুলক মহন্তই (ATPA football tournament) ৷

জেষ্ঠ ক্ৰীড়া সংগঠক ড৹ তপন দত্ত, ননী দত্ত, প্ৰাক্তন ৰেফাৰী পালিত বড়া, ঠেঙাল স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈৰ লগতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল উপস্থিতি থাকে এই অনুষ্ঠানত ৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হেৰল্ড চাংমায়ে ৷ উদ্বোধনী অনুষ্ঠানটিৰ আঁতধৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক বিমান বুঢ়াগোহাঁইয়ে (ATPA football tournament in Jorhat)।

উদ্বোধনী খেলত কাৰচাং ফুটবল ক্লাৱ মাজুলী আৰু যোৰহাট জিলাৰ মৰিয়নি উপ-ক্ৰীড়া সন্থাৰ মাজৰ খেলখনি প্ৰথমাৰ্ধত গ'ল শূন্যভাৱে সম্পন্ন হয় ৷ দ্বিতীয়ৰ্ধত দুয়োটা দলে তীব্ৰ আক্ৰমণাত্মকভাৱে খেলি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় যদিও দ্বিতীয়ৰ্ধৰ 38 মিনিটত মৰিয়নি উপ ক্ৰীড়া সন্থাৰ অনন্ত তাঁতীয়ে এটা গ'ল কৰে ৷ এই গ’লৰ সহায়ত মৰিয়নি উপ ক্ৰীড়া সন্থাই ১-০ গ'লত জয়লাভ কৰে (Football tournament in Assam)।

খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মৰিয়নি উপ ক্ৰীড়া সন্থাৰ খেলুৱৈ অনন্ত তাঁতীয়ে ৷ উক্ত বঁটা প্ৰদান কৰে বিশিষ্ট ব্যৱসায়ী হাৰুন গনিয়ে ৷ এই খেলখন পৰিচালনা কৰে ৰেফাৰী সুমন্ত দত্ত আৰু সহকাৰী ৰেফাৰী ক্ৰমে পৱন পাঠক, ৰঞ্জিত দত্ত, ৰাজদ্বীপ বড়াই । 31 মাৰ্চত খেল পথাৰত নামিছে যোৰহাট টাউন ক্লাৱ বনাম ৱেক আপ গায়জ ডিব্ৰুগড় ।

লগতে পঢ়ক: TATA IPL 2023 : আজিৰে পৰা আইপিএল ২০২৩, দলবোৰে মানিব লাগিব কেইবাটাও নতুন নিয়ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.