যোৰহাট,24:যোৰহাটত জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ দিহিং পাটকাই অভয়াৰণ্যৰ ভূমিত চৰকাৰে মুক্ত কয়লা খননৰ বাবে অনুমোদন জনোৱাৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জিলা ছাত্ৰ সন্থায় ৷
সৰ্বত্ৰে এতিয়া মাথো প্ৰতিবাদৰ জোৱাৰ দিহিং পাটকাইৰ সুৰক্ষাৰ নামত । দিহিং পাটকাইৰ ৯৮.৫৮ হেক্টৰ ভূমিত চৰকাৰে মুক্ত কয়লা খননৰ বাবে অনুমোদন জনোৱাৰ পিছতেই আৰম্ভ হৈছে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ। পূবৰ আমাজানৰ সুৰক্ষাৰ নামত আজি লক ডাউনৰ মাজতেই সামাজিক দুৰত্ব মানি চলি প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থায়। যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে নেতৃত্ব দিয়ে ৷ প্ৰতিবাদী কাৰী সকলে যোৰহাট জিলা উপায়ুক্ত ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিজন আছু কৰ্মী তথা প্ৰতিবাদীয়ে হাতে হাতে প্লে কাৰ্ড লৈ সামাজিক দুৰত্ব মানি সাব্যস্ত কৰে প্ৰতিবাদ। । অতি শীঘ্ৰে চৰাকাৰে লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ অন্যথা অনাগত দিনত জংগী আন্দোলনৰ ভাবুকি দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক- আইন অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী