যোৰহাট, 27 অক্টোবৰঃ অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী ৷ অহা নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 8 তাৰিখলৈ যোৰহাট জিলাত অনুষ্ঠিত হ'ব এই সন্মিলন তথা প্ৰদৰ্শনী ৷
লগতে পঢ়কঃ আতংক নহৈ দীপাৱলী হওঁক কেৱল পোহৰৰ উৎসৱ !
যোৰহাটৰ মহবন্ধাস্থিত চাওলুং চ্যু-কাফা সমন্বয় ক্ষেত্ৰত আঠদিনীয়াকৈ অনুষ্ঠিত হ'ব দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী ৷ দক্ষিণ-পূব এছিয়াৰ থাইলেণ্ড, চীন আৰু বাংলাদেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীত ৷ তিনিওখন দেশৰ সাংস্কৃতিক প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীত ৷ বাংলাদেশৰ বিখ্যাত বাউল গায়ক মেক্ হকে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব ৷ উল্লেখ্য যে, মেক্ হকৰ পূৰ্বপুৰুষ এইখন অসমৰে বৰহোলাৰ আছিল ৷ অনুষ্ঠানৰ মাজতে 5 নৱেম্বৰত ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷
শনিবাৰে যোৰহাট প্ৰেছ ক্লাৱত সংবাদমেলযোগে এই কথা জনাইছে অনুষ্ঠানটোৰ আয়োজকসকলে ৷ বিশিষ্টা গায়িকা জীনা ৰাজকুমাৰীৰ লগতে কমলজ্যোতি গগৈ আৰু অন্যান্যসকলে এই অনুষ্ঠানৰ আয়োজন কৰিছে ৷