ETV Bharat / state

টীয়কত দৈনিক শ-শ লিটাৰ গাখীৰ নষ্ট,হাহাকাৰ পৰিস্থিতি - যোৰহাট

লক ডাউনৰ বাবে যোৰহাট জিলাৰ বিভিন্ন গো পালক সকলৰ দৈনিক শ-শ লিটাৰ গাখীৰ নষ্ট হৈছে ৷ গো পালকৰ লগতে দুগ্ধ ব্যৱসায়ী পৰিয়াল সমূহৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ETV BHARAT
টীয়কত দৈনিক শ-শ লিটাৰ গাখীৰ নষ্ট,হাহাকাৰ পৰিস্থিতি
author img

By

Published : Apr 20, 2020, 10:41 AM IST

টীয়ক, 20 এপ্ৰিলঃ যোৰহাট জিলাৰ টীয়কৰ দুগ্ধ ব্যৱসায়ী আৰু গো-পালকৰ নাজল-নাথল অৱস্থা সৃষ্টি হৈছে ৷ উৎপাদিত গাখীৰ বিক্ৰি কৰিব পৰা নাই গো পালক সকলে ৷

টীয়কত দৈনিক শ-শ লিটাৰ গাখীৰ নষ্ট,হাহাকাৰ পৰিস্থিতি

যোৰহাট জিলাৰ টীয়কৰ বানে বিধ্বস্ত কৰা জাঁজীমুখত গো-পালক সকলৰ লগতে দুগ্ধ ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দুগ্ধ উৎপাদনত চহকী জাঁজীমুখৰ গাখীৰ যোৰহাট,শিৱসাগৰ জিলাৰ বিভিন্ন স্থানলৈ বিক্ৰীৰ বাবে নিয়ে যদিও লক ডাউনৰ সময়চোৱাত যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ লগতে হোটেল আদি ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ বন্ধ থকাৰ বাবে গাখীৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি হৈছে । ফলত গো-পালক সকলৰ লগতে দুগ্ধ ব্যৱসায়ী সকলৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। গো-পালক সকলৰ পৰা দুগ্ধ ব্যৱসায়ী সকলে গাখীৰ সংগ্ৰহ নকৰাৰ বাবে নিতৌ নষ্ট হৈছে শ-শ লিটাৰ গাখীৰ। ইপিনে দুগ্ধ ব্যৱসায়ী সকলৰ একমাত্ৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত গো-পালকৰ লগতে দুগ্ধ ব্যৱসায়ী পৰিয়ালসকলৰ মাজত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক- চৰাইদেউত লক ডাউন উলংঘা কৰা চাৰি পাচলি ব্যৱসায়ীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.