টীয়ক, 29 জুলাই: চাকৰি হেৰুওৱাৰ ভয় অসমৰ শক্তি বিতৰণ খণ্ডত কৰ্মৰত প্ৰায় ৫ হাজাৰ অস্থায়ী বিদুৎ কৰ্মীৰ (Temporary workers of APDCL) । চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক বহুবাৰ আবেদন কৰাৰ পাছতো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অস্থায়ী বিদুৎ কৰ্মীসকলৰ (Regularisation of APDCL Temporary workers)।
দেশত COVID-19 ৰ মহামাৰী সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি ৰাইজক বিদুৎ যোগান ধৰা এইসকল কৰ্মচাৰীয়ে চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াত শক্তি বিভাগৰ কোনো খালি পদ নেদেখুওৱাত সম্প্ৰতি হতাশাত ভুগিছে । উল্লেখযোগ্য যে কাকজান উপ-বিদ্যুৎ সংমণ্ডলৰ এইসকল কৰ্মচাৰীয়ে দিনে ৰাতিয়ে কৰা পৰিশ্ৰমৰ কথা চিন্তা নকৰা বিভাগ তথা চৰকাৰখনে মাত্ৰ ৰাজহৰ ওপৰতহে বেছিকৈ গুৰুত্ব দিয়াত আজি APDCL ৰ অস্থায়ী কৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
পৰৱৰ্তী সময়ত Assam state outsource power workers unionৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলে ৷
লগতে পঢ়ক: Kritagyata Pension Centre: শিৱসাগৰত পেঞ্চন সেৱা কেন্দ্ৰ উদ্বোধন কৰিলে শিক্ষামন্ত্ৰীয়ে