যোৰহাট,16 জানুৱাৰীঃ ব্যতিক্ৰমী কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন ৷ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনখন বস্ত্ৰনগৰী শুৱালকুছিৰ জ্যোতি ক্ষেত্ৰত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ৷ বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত এক সংবাদমেলত সভাপতি পৰমানন্দ ৰাজবংশীয়ে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে ৷অধিৱেশন সম্পৰ্কে সভাপতি ৰাজবংশীয়ে ক্ষোভেৰে জনায় যে,বিগত ৯ বছৰ পূৰ্বে অধিৱেশনৰ দিন ধাৰ্য কৰা হৈছিল ৷ যাতে সকলো লোকে অধিৱেশনত অংশ ল’ব পাৰে ৷ কিন্তু অধিৱেশনৰ সময়তে ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ সহযোগত ৰাজ্যত গুণোৎসৱ পতা কাৰ্যক ধিক্কাৰ দিছে সভাপতি গৰাকীয়ে ৷
উল্লেখ্য যে,শুৱালকুছি অধিৱেশন ৩১ জানুৱাৰীত ডঃ মামণি ৰয়ছম গোস্বামী সোঁৱৰণী গ্ৰন্থোৎসৱৰ দ্বাৰ উদ্ঘাটনৰ জৰিয়তে আৰম্ভ হ’ব ৷ অধিৱেশনত মেডাম মেফিৰ উপৰি বিহগী কবি ৰঘূনাথ চৌধাৰী কবি সন্মিলন,আনন্দ চন্দ্ৰ বৰুৱা সোঁৱৰণী গ্ৰন্থ উন্মোচনী অনুষ্ঠান,লক্ষ্যধৰ চৌধুৰী সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। ২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অধিৱেশনত উপস্থিত হৈ ''মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় বঁটা" প্ৰদান কৰিব । লগতে ২ ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন মুকলি অধিৱেশন উদ্বোধন কৰিব পদ্মশ্ৰী ৰংবং তেৰাঙে য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি ।
সংবাদমেলখনত পৰমানন্দ ৰাজবংশীয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত থকা প্ৰবাসী অসমীয়া সকলক একত্ৰিত কৰি সংগঠিত ৰূপ দিয়াৰ লগতে ওপজা মাটিৰ উম দিয়াৰ বাবে অসম সাহিত্য সভাই বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে ৷ যাৰ বাবে ২৮,২৯ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত লাওচত অসম সাহিত্য সভাৰ উদ্যোগত বিশ্ব অসম সন্মিলন আয়োজন কৰা হৈছে ৷
ইপিনে শুৱালকুছি অধিৱেশনতে বিশিষ্ট সাংবাদিক,লেখক,গল্পকাৰ প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হ’ব অসম সাহিত্য সভাৰ লক্ষ্মীনাথ ফুকন সাংবাদিক বঁটা ৷ অধিৱেশনৰ অৰুণোদয় শীৰ্ষক অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বঁটা ৷ আগন্তুক অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত জাতীয় চিন্তাধাৰা আৰু সংস্কৃতিৰ প্ৰতিফলনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হোৱা বুলি সভাপতি গৰাকীয়ে সংবাদমেল যোগে ঘোষণা কৰে ৷
লগতে চাওকঃকলিয়াবৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ