ETV Bharat / state

স্বাধীনতাৰ ৭৫ বছৰ: হৰিজন বন্ধু অসম গান্ধী কৃষ্ণনাথ শৰ্মা - হৰিজন বন্ধু

চন,১৯৩৩, হৰিজন সকলৰ সৰ্বাংগীন উন্নয়নৰ হেতু এক নতুন জাগৰণ সৃষ্টি কৰি "হৰিজন সেৱক সংঘ" নামেৰে এটা সৰ্বভাৰতীয় অনুষ্ঠান গঢ় দি সমগ্ৰ ভাৰতবৰ্ষত মহাত্মা গান্ধীয়ে আৰম্ভ কৰিলে হৰিজন আন্দোলন ৷ সমগ্ৰ দেশৰ লগতে অসমতো হোৱা গান্ধীজীৰ এই হৰিজন আন্দোলনৰ নেতৃত্ব লৈছিল হৰিজন বন্ধু কৃষ্ণ নাথ শৰ্মাই ৷

Assam Gandhi krishnanath sharma who worked for eradication of untouchability
স্বাধীনতাৰ ৭৫ বছৰ: হৰিজন বন্ধু অসম গান্ধী কৃষ্ণনাথ শৰ্মা
author img

By

Published : Oct 10, 2021, 6:06 AM IST

চন,১৯৩৩ ৷ হৰিজন সকলৰ সৰ্বাংগীন উন্নয়নৰ হেতু এক নতুন জাগৰণ সৃষ্টি কৰি "হৰিজন সেৱক সংঘ" নামেৰে এটা সৰ্বভাৰতীয় অনুষ্ঠান গঢ় দি সমগ্ৰ ভাৰতবৰ্ষত মহাত্মা গান্ধীয়ে আৰম্ভ কৰিলে হৰিজন আন্দোলন ৷ "কুকুৰ শৃগাল, গৰ্দ্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম" ধৰ্ম দৰ্শনৰ এই আপ্তবাক্যক সামৰি শংকৰ-মাধৱৰ দেশ অসমতো "হৰিজনো নাই, অস্পৃশ্যতাও নাই" নীতিৰে অসমৰ বিভিন্ন প্ৰান্তত গঠন হ'ল নগৰ পালিকা ৷ সমগ্ৰ দেশৰ লগতে অসমতো হোৱা গান্ধীজীৰ এই হৰিজন আন্দোলনৰ নেতৃত্ব লৈছিল হৰিজন বন্ধু কৃষ্ণ নাথ শৰ্মা ৷

হৰিজন বন্ধু কৃষ্ণ নাথ শৰ্মা, যিজন ব্যক্তিয়ে সমাজৰ হিতাৰ্থে কাম কৰিবলৈ যাওঁতে সমাজৰ পৰা হ'বলগীয়া হৈছিল বৰ্জিত ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত বৈশিষ্ট্যপূৰ্ণ ভূমিকা পালন কৰা কৃষ্ণ নাথ শৰ্মা আছিল এগৰাকী গান্ধীবাদী নেতা ৷ ১৮৮৭ চনৰ ২৮ ফেব্ৰুৱাৰীত যোৰহাটৰ সৰ্বাইবন্ধাত জন্ম গ্ৰহণ কৰা কৃষ্ণনাথ শৰ্মাই ১৯১৩ চনত কটন কলেজৰ পৰা বি এছ চি আৰু ১৯১৬ চনত আৰ্ল ল’ কলেজৰ পৰা আইনৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় । ইয়াৰ পিছতেই ১৯২১ চনত তেওঁ মহাত্মা গান্ধীৰ আহ্বানত ওকালতি ত্যাগ কৰি যোগদান কৰিলে অসহযোগ আন্দোলনত ।

স্বাধীনতাৰ ৭৫ বছৰ: হৰিজন বন্ধু অসম গান্ধী কৃষ্ণনাথ শৰ্মা

১৯২১ চনত যোৰহাট জিলা কংগ্ৰেছ কমিটি গঠন হোৱাৰ লগতে কৃষ্ণনাথ শৰ্মাক দিয়া হয় সম্পাদকৰ দায়িত্ব । একেটা বছৰতেই নবীন বৰদলৈ, তৰুণৰাম ফুকন, কুলধৰ চলিহাৰ সৈতে এবছৰ বিনাশ্ৰম কাৰাদণ্ড খাতিব লগা হয় কৃষ্ণনাথ শৰ্মাই । সেই সময়ত মহাত্মা গান্ধীয়ে অহিংস আন্দোলনৰ সমান্তৰালকৈ সামাজিক, অৰ্থনৈতিক দিশতো হাতত লৈছিল বহু আঁচনি, য’ত আগভাগ লৈছিল এইগৰাকী ত্যাগবীৰেও । কানি নিবাৰণৰ ওপৰিও কৃষ্ণনাথ শৰ্মাৰ উদ্যোগত ৰাইজৰ সহযোগ সংগঠিত কৰি গাঁৱে ভূঞে শিক্ষা প্ৰচাৰ, নিৰক্ষৰতা দূৰীকৰণ, স্কুল-কলেজ, চিকিৎসালয় খোলা, আলি বন্ধা, আপোচতে মেল মোকৰ্দমা মীমাংসা কৰা আদি জনহিতকৰ কাম উল্লেখযোগ্য ।

এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ সৰ্বশ্ৰেষ্ঠ জনহিতকৰ কাৰ্য্যৰ ভিতৰত অস্পৃশ্যতা নিবাৰণ অন্যতম । অসমৰ এটা নিষ্ঠাবান ব্ৰাহ্মণ পৰিয়ালৰ সন্তান হৈও নিজৰ ঘৰুৱা গোঁসাই ঘৰটো হৰিজন সকলৰ বাবে মুকলি কৰি দিছিল কৃষ্ণনাথ শৰ্মাই । ১৯৩৪ চনত মাহাত্মা গান্ধীৰ দ্বিতীয় অসম ভ্ৰমণ কালত হৰিবন্ধু কৃষ্ণ নাথ শৰ্মাৰ এই পাৰিবাৰিক গোসাই ঘৰ ১৮ এপ্ৰিলৰ পূৱা ৮ বজাত হৰিজন সকলৰ কাৰণে মাহাত্মা গান্ধীৰ পাদ-পদ্মৰ পৰশেৰে মুকলি কৰা ঘটনা অসমৰ ইতিহাসত বিৰল ৷

মহাত্মা গান্ধীৰ আদৰ্শৰে আগবাঢ়ি ওৰে জীৱন সংগ্ৰাম চলাই যোৱা গান্ধীজীৰ একনিষ্ঠ অনুগামী কৃষ্ণনাথ শৰ্মাই ১৯৪৭ চনৰ ২ ফেব্ৰুৱাৰীত ত্যাগ কৰে ইহ সংসাৰ । সমাজৰ দলিত শ্ৰেণীৰ বাবে‌ নিস্বাৰ্থ ভাৱে কাম কৰা এইগৰাকী সমাজহিতৈশী ব্যক্তিৰ জীৱনগাথা আজিও হৈ থাকিল অৱহেলিত ।

পৰিতাপৰ কথা যে, সেই সময়তে যোৰহাটত নিৰ্মাণ কৰা অসম গান্ধী কৃষ্ণনাথ শৰ্মাৰ সবৰমতী আশ্ৰম এতিয়া পৰিতক্ত । স্থানীয় লোকৰ স্বাৱলম্বিতাৰ বাবে স্থাপন কৰা যোৰহাটৰ সৰ্বাইবন্ধাৰ কৃষ্ণনগৰস্থিত সবৰমতী আশ্ৰমৰ চৌপাশ এতিয়া অৰণ্যৰে আৱৰা । ঐতিহ্য বহন কৰা এই সবৰমতী আশ্ৰমৰ উন্নয়নৰ বাবে নাই ৰজাঘৰৰ কোনো আঁচনি । ইয়াৰোপৰি আন এক উল্লেখনীয় দিশ হল যে, সবৰমতী আশ্ৰমৰ চৌহদতে আছে হৰিজন বন্ধু কৃষ্ণ নাথ শৰ্মাৰ সমাধি ক্ষেত্ৰ ।

সকলোৱে বিচাৰিছে আজিৰ প্ৰজন্মই এই মহান মনিষীক সমাজৰ প্ৰতি কৰা ত্যাগ আৰু দেশ তথা জাতিলৈ দিয়া নিস্বাৰ্থ অৱদান যেন অনুভৱ কৰক পলে পলে । মহান পুৰুষজনৰ আন্তৰ্জাতিক ভ্ৰাতৃত্ববোধৰ প্ৰতি থকা গভীৰ আস্থাক আজিৰ সমাজে নতুন চিন্তাৰে আগবঢ়াই নিয়ক । চিৰযুগমীয়া হৈ ৰওঁক কৃষ্ণনাথ শৰ্মাৰ আপুৰুগীয়া সম্পদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.